ৰাজ্যিক বাতৰি

কোকৰাঝাৰ জিলাৰ ফুটপাথৰ ওপৰত পদক্ষেপ কোকৰাঝাৰ পৌৰ নিগমৰ

Sentinel Digital Desk

কোকৰাঝাৰ পৌৰ নিগমে জিলাখনৰ ফুটপাথবোৰ কাৰণে লৈছে এক বিশেষ পদক্ষেপ ৷ কাৰণ জনসাধাৰণ সুবিধাৰ কাৰণে নিৰ্মাণ কৰা ফুটপাঠবোৰত সম্প্ৰতি অধিকাৰ কৰিছে অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানে ৷ গতিকে ফুটপাথত গঢ় লৈ উঠা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰি ৷

দেওবাৰে বিষ্ণু নাৰ্জাৰিৰ নেতৃত্বত কোকৰাঝাৰ জিলাত এক অভিযান আৰম্ভ হয়। ইফালে জিলাখনৰ অধিকাংশ ব্যৱসায়ী আৰু দোকানৰ স্বত্তাধিকাৰীয়ে সকলো গুৰুত্বপূৰ্ণ ফুটপাথক আৱদ্ধ কৰি আহিছে ৷ যাৰ কাৰণে যান বাহনৰ সমস্যাই দেখা দিছে ৷ কাৰণ অবৈধভাৱে গঢ় লৈ উঠা সেই ফুটপাথসমুহৰ কাৰণে, খোজকাঢ়ি যোৱা লোকসকলে যান বাহন চলাচল কৰা পথত খোজকাঢ়িব লগা হয়।

তথাপিও ফুটপাথত গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিষয়ে ক’বলৈ কোনো আগবাঢ়ি নাহে ৷ আৰু শেষত কোকৰাঝাৰ পৌৰ নিগমেই আগবাঢ়ি আহিছে ৷ সংবাদ দাতাৰ লগত হোৱা মতবিনিময়ত নাৰ্জাৰীয়ে কয় যে ফুটপাথৰ ওপৰত গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত দেওবাৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে ৷ আৰু সেই উচ্ছেদ অভিযান তেতিয়ালৈকে হৈ থাকিব,যেতিয়ালৈকে ব্যৱসায়ীসকলে বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰীসকলে নিগমৰ নীতি নিয়ম পালন নকৰে ৷

লগতে নাৰ্জাৰীয়ে কয় যে কোকৰাঝাৰ এখন প্ৰগতিৰ পথত আগবঢ়া জিলা ৷ ইয়াত বাহনৰ সংখ্যা অতি ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে ৷ গতিকে পথত যথেষ্ট সংখ্যক যানবাহনৰ ভিৰ দেখা যায় আৰু যাতায়তৰ সমস্যাই দেখা দিয়ে ৷ ইফালে ফুটপাথক আবদ্ধ কৰা ব্যৱসায়ীসকলে পথচাৰীসকলক যানবাহন অহা যোৱা কৰা পথত খোজ কাঢ়িবৰ কাৰণে বাধ্য কৰাইছে বুলি মন্তব্য কৰে নাৰ্জাৰীয়ে ৷ উল্লেখ্য যে যিসকল লোকে এই নিয়মসমূহক পালন নকৰে তেওঁলোকক আইনৰ আধাৰত তদন্ত কৰাৰ লগতে জৰিমনা বিহা হ’ব ৷ নাৰ্জাৰীয়ে সকলো ব্যৱসায়ীক নীতি নিয়মসমূহ পালন কৰিবলৈ কয় লগতে কোকৰাঝাৰ জিলাৰ সকলো ফুটপাথত এই অভিযান চলাব বুলি মন্তব্য কৰে ৷

২০১৮ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাৰ কেছ দাখিল হয় ৫১৮ টা, ইয়াৰে ১৫৭ জন প্ৰাণহানি হয়,১৬৭ জনৰ মৃত্যু হয় আৰু ৩৩২ জন আহত হয় । ৰাজ্যিক ঘাইপথসমূহৰ ৩৪৩ টা কেছ দাখিল কৰা হয়,ইয়াৰে ৬৭ লোকৰ প্ৰাণহানি হয়,৬৮ জন লোকৰ মৃত্যু হয়,২৭৯ লোক আহত হয় । আৰু অন্যান্য পথসমূহত হোৱা দুৰ্ঘটনাৰ ১৯০ টা কেছ দাখিল হয় ।য’ত ২৩ লোকৰ প্ৰাণহানি হৈছিল,২৩ লোকৰ মৃত্য হয়, ১৬৪ লোক আহত হয় ৷ ইফালে, ২০১৮ চনত ১০৫১ টা কেছ দাখিল কৰে,ইয়াৰে ২৪৭ জন লোকৰ প্ৰাণহানি হয়, ২৫৮ জন লোকৰ মৃত্যু হয়, আৰু ৭৭৫ জন লোক আহত হয় ৷