শোনিতপুৰ জিলাত দুচকীয়াসকলৰ কাৰণে ন’ হেলমেট ন’ ইন্ধনঃ কিন্তু কিয় ?

শোনিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মংগলবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আয়োজন কৰা হয় ।উপায়ুক্ত নাৰসিং পাৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকখনত জিলাখনৰ পথ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰা হয়। বৈঠকখনত কোনো হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা গৰাকীৰ বিৰুদ্ধে অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনে ১ জুলাইৰ পৰা "ন’ হেলমেট ,ন’ ইন্ধন নিয়ম কাৰ্যকৰী কৰিব ।

উপায়ুক্তই জিলাখনৰ সকলো পেট্ৰ’ল পাম্পসমূহক হেলমেট পৰিধান নকৰাসকলক, পেট্ৰ’ল যোগান ধৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে ৷ইফালে উপায়ুক্তই জিলাৰ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধিৰ কাৰণসমূহ জানিবলৈ এটা বিশেষ দল গঠন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷লগতে উপায়ুক্তই পি ডব্লিউ ডি আৰু এনএইচআইডিচিএলৰ বিষয়াসকলক যাত্ৰীসকলৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাৰণে নিৰ্দেশ দিয়ে ৷

উপায়ুক্তই জিলা পৰিবহন বিষয়া উমেশ চন্দ্ৰ শৰ্মাক পথত চলাচল কৰা ই ৰিক্সাসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। যাতে ই ৰিক্সাসমূহৰ কাৰণে নিৰ্ধাৰিত নিয়মৰ ব্যৱস্থা কৰিব পাৰে। বৈঠকত উপস্থিত থকা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই জনাই যে ফুটপাথত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক আঁতৰাবৰ কাৰণে যুটীয়া নিস্কাষণ অভিযান চলোৱা হ’ব। কাৰণ ফুটপাথত থকা এই প্ৰতিষ্ঠানসমূহৰ কাৰণে পথচাৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হয়। লগতে উপায়ুক্তই নগৰ পালিকা বৰ্ডৰ প্ৰতিনিধিসকলক এখন উচিত পাৰ্কিং নিৰ্মাণ কৰিবলৈ আদেশ দিছে।

২০১৮ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাৰ কেছ দাখিল হয় ৫১৮ টা, ইয়াৰে ১৫৭ জন প্ৰাণহানি হয়,১৬৭ জনৰ মৃত্যু হয় আৰু ৩৩২ জন আহত হয় । ৰাজ্যিক ঘাইপথসমূহৰ ৩৪৩ টা কেছ দাখিল কৰা হয়,ইয়াৰে ৬৭ লোকৰ প্ৰাণহানি হয়,৬৮ জন লোকৰ মৃত্যু হয়,২৭৯ লোক আহত হয় । আৰু অন্যান্য পথসমূহত হোৱা দুৰ্ঘটনাৰ ১৯০ টা কেছ দাখিল হয় ।য’ত ২৩ লোকৰ প্ৰাণহানি হৈছিল,২৩ লোকৰ মৃত্য হয়, ১৬৪ লোক আহত হয় ৷ ইফালে, ২০১৮ চনত ১০৫১ টা কেছ দাখিল কৰে,ইয়াৰে ২৪৭ জন লোকৰ প্ৰাণহানি হয়, ২৫৮ জন লোকৰ মৃত্যু হয়, আৰু ৭৭৫ জন লোক আহত হয় ৷

উল্লেখযোগ্য যে বিগত চাৰি বছৰত ৪২২৬ টা দুৰ্ঘটনাৰ কেছ দাখিল হয় , আৰু ইয়াৰে ১০৩০ জনে দুৰ্ঘটনাত প্ৰাণত্যাগ কৰে ,১১১২ জনৰ মৃত্যু হয় আৰু আহত হয় ৩৪২২ জনৰ ৷ গতিকে পথৰ নিয়ম সমূহৰ লগতে যানবাহনৰ নিয়মসমূহ যথাযথ ৰূপে পালন কৰিলেই পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com