ৰাজ্যিক বাতৰি

বড়ো চুক্তিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী

Sentinel Digital Desk

বড়ো চুক্তিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু সদৌ বড়ো ছাত্ৰ সন্থা অৰ্থাৎ এবছু । বড়ো ভুমি কোকৰাঝাৰ জাংখ্ৰিথাই ফৌথাৰত কাইলৈ উপস্থিত হব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱা ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিওটা গোটৰ , ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত তৃতীয় খন বড়ো চুক্তি স্বাক্ষৰ হৈ যোৱাৰ পাছত কাইলৈ অনুষ্ঠিত কৰিবলৈ লোৱা বিজয় উৎসৱৰ উপলক্ষে আজি কোকৰাঝাৰত আয়োজন কৰা হৈছে বিশাল বাইক ৰেলি ।

উল্লেখযোগ্য যে ত্ৰিপাক্ষীক বড়ো শান্তি চুক্তি‌ স্বাক্ষৰ হৈছিল ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে। এবছুৱে কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি জনায় লগতে বি টি এ ডিক, বি টি আৰৰ মৰ্যদা প্ৰদান কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।

এবছুৱে বড়োলেণ্ডৰ সমগ্ৰ জনগনক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ সভাত উপস্থিত থকাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে জানুৱাৰী মাহৰ প্ৰথম ভাগত ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা কেডাৰে অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিছিল ।তাৰ পিছতেই এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ জন‌ কেডাৰে অস্ত্ৰ সম্বৰণ কৰিছিল আৰু ইয়ে বড়োলেণ্ডৰ দীৰ্ঘদিনৰ সমস্যা সমাধান কৰিব বুলি আশা কৰা যায় ।

বড়ো সকলৰ সমস্যা সমাধানৰ বাবে অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি স্বাক্ষৰিত কৰা হৈছিল বড়ো চুক্তি। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কাইলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰত উপস্থিত হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰত অহাৰ প্ৰাকক্ষণত এন ডি এফ বি আৰু পি জে চি বি এমৰ যৌথ উদ্ধোগত অনুষ্ঠিত হয় বিশাল বাইক ৰেলি । পতাকা জোকাৰি এই বাইক ৰেলি উদ্ধোধন কৰে কেন্দ্ৰীয় এবছুৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰীয়ে। কোকৰাঝাৰ তিতাগুৰী পৰা আৰম্ভ কৰি চহৰখনৰ মাজেৰে দোতমা, ৰাম্ফলবিল হৈ গৈ স্বিমবোৰ গাঁওত সামৰণি পৰে এই বাইক ৰেলি। কাইলৈ অনুষ্ঠিত হ'ব লগীয়া বিশাল সভাত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান কৰা উপলক্ষে বাহিৰ কৰা হয় বাইক ৰেলি।