ৰাজ্যিক বাতৰি

লোহিত খাৱলু এলেকা বিকাশৰ দাবীত স্থানীয় ৰাইজ, দল সংগঠনৰ বৃহৎ প্ৰতিবাদী আন্দোলন

Sentinel Digital Desk

লোহিত খাৱলু এলেকা বিকাশৰ দাবীত স্থানীয় ৰাইজ, দল সংগঠনৰ বৃহৎ প্ৰতিবাদী আন্দোলন । যোৱা শনিবাৰে লখিমপুৰ জিলাৰ লোহিত খাৱলু আঞ্চলিক সমিতিৰ নেতৃত্বত খাৱলু এলেকা বিকাশ কৰাৰ দাবীত এক বৃহৎ ৰাজহুৱা আন্দোলন গঢ়ি উঠে। স্বাধীনতাৰ ৭২ বছৰ পিছতো ইয়াৰ ৰাইজে বহু দিশত সমস্যাৰ মুখামুখি হৈ আহিছে। খাৱলু এলেকা সোৱণশিৰি পাৰত অৱস্থিত হোৱা হেতুকে আৰু ই মূল ৰাজপথৰ পৰা বহু দূৰত হোৱা বাবে ইয়াৰ লোক সমূহে স্থানীয় ৰাইজে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে সোৱণশিৰিৰ ফলত হোৱা সমস্যা যেনে যাতায়ত, বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতি, গৰাখহনীয়া আদিক স্থায়ীভাৱে নিৰ্মূল কৰাৰ দাবি জনায় এই আন্দোলন কৰে।

ইয়াৰ লগতে খাৱলু এলেকাৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰো বিকাশ কৰাৰ দাবী তোলে। প্ৰতিবাদী আন্দোলনত বিভিন্ন দল, সংগঠনৰ লগতে বহুতো স্থানীয় লোকৰ সমাগম ঘটে। স্থানীয় সংগঠন টাকাম মিচিং পৰিন কেৱাং (টি এম পি কে), মিচিং মিমাগ কেৱাং (এম এম কে ) আৰু টাকাম মিচিং মাইম কেৱাং (টি এম এম কে) সহযোগত মুঠ ৪০ খন গাওঁ মিলি এই আন্দোলন কৰে। সংগঠনসমূহৰ দাবী যে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে খাৱলু নদীৰ ওপৰত দলং নিৰ্মাণ, গৰাখহনীয়া আৰু বানপানীৰ পৰা নিৰ্মূল পাব পৰাকৈ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা, লোহিত খাৱলু এলেকাৰ লোকক বিশেষ সুবিধা প্ৰদান কৰাৰ লগতে চিকিৎসালয় স্থাপন কৰা কথাও উল্লেখ কৰে।

সমস্যা সমূহক উত্থাপিত কৰি সোৱণশিৰি পাৰত এক ৰাজহুৱা সভাৰো আয়োজন কৰে। সভাত ৰাজনৈতিক নেতাৰ অবহেলা, ৰাজ্য চৰকাৰৰ অসফলতা আদি বিষয়ে আলোচনা হয়। লখিমপুৰ বিধায়ক উৎপল দত্তই সমস্যাৰ প্ৰতি কৰা অৱহেলিতাৰ ওপৰত ৰাইজে ক্ষোভ প্ৰকাশ কৰে । টি এম পি কেৰ কেন্দ্ৰীয় কমিটিৰ পৰামৰ্শদাতা ইন্দ্ৰ কুমাৰ চুংক্রাং, সভাপতি ৰাজকুমাৰ দলে আৰু আন নেতাসমূহো সভাত উপস্থিত থাকে।