ৰাজ্যিক বাতৰি

ভূমিৰ গুনাগুণৰ ক্ষেত্ৰত ডিজিটেলাইজ কৰাৰ পদক্ষেপ চৰকাৰৰ

Sentinel Digital Desk

ৰাজ্যৰ কৃষি বিভাগে ভূমিৰ গুনাগুণ ব্যবস্থাপনা আচনিৰ অধিনত ভূমিৰ গুনাগুণ বৃদ্ধিৰ ভূমিৰ ডিজিটেলকৰন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ভূমিৰ গুনাগুণ বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে ইতিমধ্যে নেচনেল বিৰ' অব চইল চাৰ্ভে( National bureau of soil survey ) আৰু ভূমি ব্যবহাৰ প্ৰকল্প( Land use planning) ৰ লগত সংযোগ স্থাপন কৰিছে । NBSS&LUP য়ে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধিনত ভাৰতীয় কৃষি গবেষণা পৰিষদৰ ভাৰতীয় ৰাষ্ট্ৰীয় উৎস ব্যবস্থাপনা সংস্থা পৰিষদে ব্যবস্থা গ্ৰহণ কৰিছে ।

ৰাজ্যৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়ায়ে প্ৰকাশ কৰা মতে, চইল হেল্থৰ ডিজিটেলকৰনৰ বাবে চাকৰিৰ বাবে ইতিমধ্যে NBSS&LUP ক অৰ্পণ কৰা হৈছে । চইল হেল্থ কাৰ্ড ৰাজ্য চৰকাৰে প্ৰদান কৰিব ।

চইল হেল্থ ডিজিটেলকৰনৰ পাছতে ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা ঘৰত বহিয়ে চাব পাৰিব । এখন চইল হেল্থ মেপৰ প্ৰয়োজন আছে । লগতে বিষয়া গৰাকীয়ে প্ৰকাশ কৰে যে, সকলো খিনি অনাগত ৬ মাহৰ ভিতৰত স্পষ্ট হৈ পৰিব ।