ৰাজ্যিক বাতৰি

সেনাৰে হোৱা গুলিছালনাৰ ঘটনাত এন ডি এফ বি (এছ) ৰ সদস্য মৃত্যু

Sentinel Digital Desk

কোকৰাঝাৰ স্থিত সেনা বাহিনীয়ে সূত্ৰ অনুসৰি অভিযান চলায় কোকৰাঝাৰ জিলাৰ দিগলিপাৰা অঞ্চলত।যোৱা ১৫ জানুৱাৰীত চলোৱা এই অভিযানত এন ডি এফ বি (এছ) গোটৰ এজন সদস্যৰে অভিযানকাৰীসেনাজোৱান হোৱা সংঘৰ্ষত মৃত্যু হয় উগ্ৰপন্থীজনৰ। সেনাই চিনাক্ত কৰা অনুসৰি এন ডি এফ বি(এছ) গোটৰ এৰিয়া। কাম।ণ্ডৰ জনৰ নাম হল জিৱেল নাৰ্জাৰী ওৰফে টামঙ ওৰফে জুৱেনওম।বিভিন্ন কূটাঘাত মূলক কাৰ্যৰ লগতে ধনদাবী ,নতুন সদস্যৰ নিযুক্তি আদি কাৰ্যত জড়িত আছিল উগ্ৰপন্থীগৰাকী।অভিযান স্থলীৰ পৰা বিদেশত নিৰ্মিত এটা নাইন এম এম জি লক পিষ্টল আৰু বুলেট উদ্ধাৰ কৰা হয়।