ৰাজ্যিক বাতৰি

১৫৮ কোটি কেলেংকাৰীৰ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য ৰেলৱে কাৰ্যালয়ত চি বি আইৰ অভিযান

Sentinel Digital Desk

বৃহস্পতি বাৰে চি বি আইয়ে গুৱাহাটীৰ ১৪ টা স্থানত তালাচী চলাই । ১৫৮ কোটিৰ কেলেংকাৰীৰ সন্দৰ্ভত মালিগাঁওৰ উত্তৰ পূৰ্বাঞ্চলৰ ফ্ৰন্টিয়াৰ ৰেলৱে মুখ্য কাৰ্য্যালয়ত অভিযান চলাই ।

উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে কাৰ্যালয়, কাৰ্যালয়ৰ আবাস আৰু ব্যক্তিগত আবাসিক অঞ্চলত অভিযান চলাই । এই বৃহৎ পৰিমাণ কেলেংকাৰীত জৰিত থকাৰ সন্দৰ্ভত ৬ জন উত্তৰ পূৰ্বাঞ্চলৰ বিষয়াক তালাচী চলাই। ৬ জন উত্তৰ পূৰ্বাঞ্চল ৰেলৱে বিষয়াৰ বিৰুদ্ধে চোৱ-মট' গোচৰ তৰিছে চি বি আইয়ে ।

এই বিষয়া কেইগৰাকীৰ বিৰুদ্ধে ২০১৪ -১৮ চনত সংঘটিত হোৱা ১৫৮ কোটি কেলেংকাৰীক জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছে ।

উত্তৰ পূৰ্বাঞ্চল ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ফ্ৰন্টিয়াৰ ৰেলৱে নিৰ্মাণ বিভাগে নিৰ্মাণৰ কাম ৰূপায়ণ নকৰাৰ বাবে দায়ী । ইয়াৰ অধিনত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ কিছু অংশ ইয়াৰ অন্তৰ্গত । ১৪ টা স্থানত অভিযান চলাই বহুতো বেংকৰ পাছবুক আৰু কম্পিউটাৰ হাৰ্ড ডিক্স জব্দ কৰিছে চি বি আইয়ে।