ৰাজ্যিক বাতৰি

অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০২১ৰ পৰা কাৰ্যকৰী হব দুটা সন্তানৰ নিয়ম

Sentinel Digital Desk

অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০২১ৰ পৰা কাৰ্যকৰী হব দুটা সন্তানৰ নিয়ম। এতিয়াৰ পৰা দুটাতকৈ বেছি সন্তান থকা লোক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাত সমস্যাৰ মুখা-মুখী হব লাগিব। অসম চৰকাৰৰ কেবিনেটৰ এক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০২১ ৰ পৰা কাৰ্যকৰী হব দুটা সন্তানৰ এই নিয়ম ।

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ উদ্দেশ্যে দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিব নোৱাৰাৰ সিদ্ধান্ত লয় । অসম চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা দুটাতকৈ‌ অধিক সন্তান থকা পিতৃ মাতৃক চৰকাৰী চাকৰিৰ বাবে অযোগ্য বুলি বিবেচনা কৰা হ'ব ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা দুটাতকৈ‌ অধিক সন্তানৰ পিতৃ মাতৃৱে চৰকাৰী চাকৰিৰ বাবে বিবেচিত কৰা নহ'ব ।

উক্ত কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সিদ্ধান্ত সমূহৰ ভিতৰত ভূমিহীন খিলঞ্জীয়াক তিনি বিঘাকৈ কৃষিভূমি তথা ভূমিহীন ব্যক্তিক ঘৰ নিৰ্মাণ কৰিবলৈ আধা বিঘাকৈ মাটি দিয়া হ'ব । তদুপৰি ভূমি স্বত্বভোগীয়ে কমেও ১৫ বছৰলৈ সেই মাটি বিক্ৰী কৰিব নোৱাৰিব ।

উল্লেখযোগ্য যে জনসংখ্যা বৃদ্ধিৰ ওপৰত অসম চৰকাৰে ২০১৭ চনত এক নীতি গ্ৰহণ কৰিছিল । ২০১১ চনৰ লোকগননা অনুসৰি ৩১,১৬৯,২৭২ জনসংখ্যাৰ বিপৰীতে ৰাজ্যত ১০ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১৬.৯৩ শতাংশ। উল্লেখ্য যে

২০১৬ চনত অসমত বিজেপি শাসনলৈ আহিছিল আৰু ড্ৰাফ্ট নীতি ২০১৭চনৰ ২৭ মাৰ্চত প্ৰৱৰ্তিত কৰিছিল ।

তাৎপৰ্য পূৰ্ণ যে কেবিনেট সোমবাৰে গ্ৰহণ কৰা দুটা সন্তানৰ নীতি নতুন নহয় ।‌ ২০১৭ চনত অসম বিধানসভাত সৰ্বসন্মতিৰে " অসমৰ জনসংখ্যা নীতি আৰু সবলীকৰণ " নীতি গ্ৰহণ কৰা হৈছিল আৰু চৰকাৰী কৰ্মচাৰীক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ উপদেশ দিছিল ।

কিছুদিন পূৰ্বে এক স্থানত বিজেপিৰ নেতা জেনেৰেল‌ ভি কে সিং , পঞ্জীত বলয়ান , সত্যপাল সিং , মহেশ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে আৰু এনেকুৱা জনসংখ্যা নিয়ন্ত্ৰণ এখন আইনৰ দাবী জনাইছিল। অনাগত দিনত বিজেপি শাসিত আন প্ৰদেশটো এনে অইন প্ৰৱৰ্তন সম্ভৱনা আছে।

আনহাতে ক্ষুদ্ৰ পৰিয়াল পৰিকল্পনা নীতি অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী‌ তাৰিখৰ পৰা দুটাতকৈ অধিক সন্তানৰ পিতৃ মাতৃয়ে চৰকাৰী চাকৰিৰ বাবে বিবেচিত নোহোৱাৰ সিদ্ধান্ত লয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক : 15 day old baby allegedly dies due to medical negligence in TMCH