ৰাজ্যিক বাতৰি

বানপানী আৰু ভূমিস্খলন ফলত লামডিং বদৰপুৰৰ ৰেল পথ ক্ষতিগ্ৰস্থ

Sentinel Digital Desk

ৰাজ্যৰ চৌদিশে বান আৰু ভূমিস্খলনৰ ফলত এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছে । ১২ জুলাইত লামডিং বদৰপুৰ জাতিনগৰ লুমপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত ২৪ ঘন্টায়ে ব্ৰহ্মপুত্ৰ হোৱা ৰেলপথ ক্ষতিগ্ৰস্থ হয়। যিকোনো মূহুৰ্ততে এই ৰেল পথছোৱাৰ ফলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব পাৰে।

লামডিং শাখা আৰু মুখ্য কাৰ্যালয় শীৰ্ষ বিষয়া সহ দলং নিৰ্মাণ কৰা অভিযন্তা আৰু ৰেলৱে মেনেজাৰ স্থানত উপস্থিত হৈ পৰ্যবেক্ষন কৰে। ৰেল পথৰ বৃহৎ অংশ ক্ষতি হৈছে ভূমিস্খলনৰ ফলত । ১২ ঘন্টাত ডিউটি সলনি কৰি প্ৰায় ৫০০ শ্ৰমিকে কাম কৰি আছে আৰু প্ৰায় ২০০ শ্ৰমিকে নিশাও কাম অব্যাহত ৰাখে ।ৰাজ্যৰ বানত বিগত ২৪ ঘন্টাত ৯ জনে মৃত্যু বৰণ কৰিছে। ইয়াৰ লগে লগে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি হৈছে ৷

ইফালে নদীসমূহৰ জলস্তৰ হ্ৰাস পাইছে যদিও পৰিস্থিতি এতিয়াও পৰিৱৰ্তন হোৱা নাই ৷ৰাজ্যৰ ২৮ খন জিলাৰ ১০৩ টা ৰাজহ চক্ৰৰ ৪,১২৮ খন গাঁৱৰ প্ৰায় ৫৩,৫২,১০৭ জন লোক বানত প্ৰভাৱিত হৈছে ৷বুধবাৰে বানপানীত মৃত্যু হোৱা লোকসকলৰ চাৰিজন লোকৰ ভিতৰত মৰিগাঁৱ জিলাৰ ভূৰাগাঁৱত দুজন ,এজন মৰিগাঁও আৰু এজন লাহৰিঘাটৰ আছিল৷ শোনিতপুৰত দুজন,ওডালগুৰিত দুজন আৰু কামৰূপ আৰু নগাঁৱৰ ৰহাত এজনকৈ মৃত্য হৈছে ৷ আনহাতে বিপদসমীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ ,নিমাতীঘাট, শোনিতপুৰ,তেজপুৰ,গুৱাহাটী, কামৰূপ,গোলাঘাটৰ নুমলীগড়ত ধনশিৰী,শোনিতপুৰত জিয়া ভৰালী,কামৰূপত কপিলী আৰু নগাঁওত ধৰমতুল,কামৰূপত পুঁথিমাৰি,বৰপেটাত বেকী,হাইলাকান্দিত কাটাখাল আৰু কৰিমগঞ্জত কুঁশিয়াৰ আদি ৷

বুধবাৰলৈকে বানে বিধ্বস্ত কৰা জিলাসমূহৰ ভিতৰত আছে ধেমাজী,লখীমপুৰ,বিশ্বনাথ,শোনিতপুৰ,দৰং, ওডালগুৰি,বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ, কামৰূপ মেট্ৰ’, মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, মাজুলী,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ,কাৰ্বি আংলং আৰু কৰিমগঞ্জ আদি ৷ ইফালে বানত বহু ঠাইত মথাউৰি,দলং,পথ ক্ষতিগ্ৰস্ত হৈছে। বানত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে সেনা,এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযান অব্যাহত আছে।

কামৰূপ মেট্ট’ত ৭০,৭৪৪ লোক বানত প্ৰভাৱিত হৈছে ৷ বিগত দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সম্প্ৰতি দিনক দিনে বৃদ্ধি পাইছিল ৷ ধাৰাষাৰ বৰষূণৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অৱশ্যে বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে, কাৰণে জনসাধাৰণে স্বস্তিৰ নিশ্বাস পেলাইছে। কিন্তু এতিয়াও বানে জলমগ্ন কৰি থৈছে অঞ্চলসমূহ।