ৰাজ্যৰ বানৰ তাণ্ডৱত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি

ৰাজ্যৰ বানৰ তাণ্ডৱত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি

ৰাজ্যৰ বানত বিগত ২৪ ঘন্টাত ৯ জনে মৃত্যু বৰণ কৰিছে। ইয়াৰ লগে লগে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি হৈছে ৷ ইফালে নদীসমূহৰ জলস্তৰ হ্ৰাস পাইছে যদিও পৰিস্থিতি এতিয়াও পৰিৱৰ্তন হোৱা নাই ৷ৰাজ্যৰ ২৮ খন জিলাৰ ১০৩ টা ৰাজহ চক্ৰৰ ৪,১২৮ খন গাঁৱৰ প্ৰায় ৫৩,৫২,১০৭ জন লোক বানত প্ৰভাৱিত হৈছে ৷

দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত হাইড্ৰ’ল’জিকেল অৱজাৰ্ভেশ্যন চাৰ্কল অৰ্থাৎ চি ডব্লিউ চিৰ অভিযন্তা বিষ্ণু দেৱ ৰয়ৰ মন্তব্য অনুসৰি বানপানীৰ প্ৰকোপে ধুবুৰীৰ ৩১ বছৰৰ ৰেকৰ্ড অতিক্ৰম কৰিছে৷ঠিক সেইদৰে বঙাইগাঁৱৰ আইনদী চাৰিবছৰৰ ৰেকৰ্ড ভাঙি দিছে ৷ আনহাতে ১৯৮৮ চনত ২৯ আগষ্টত ধুবুৰীত ৩০.৩৬ মিটাৰলৈ বানৰ প্ৰকোপ বৃদ্ধি পাইছিল ৷

ধুবুৰীত বুধবাৰে বিয়লি ৬ বজাত বানৰ প্ৰকোপ বহু বৃদ্ধি পায় ।ঠিক সেইদৰে ২০১৫ চনৰ ২১ আগষ্ট মাহত আইনদীৰ পানী ৫৩.২৬ মিটাৰলৈ বৃদ্ধি পাইছিল ৷ চলিত বৰ্ষত ১১ জুলাইত বান এক চেন্টিমিটাৰ ওপৰলৈ বৃদ্ধি পাইছে।ইফালে সম্প্ৰতি ৬৮৯ টা শিবিৰত ২,৮৯,৭৩৭ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে । লগতে ২১২১২২.৭৪ হেক্টৰ ভূমি বানত ক্ষতি হোৱাৰ লগতে ২৫,১৮,৮২৫ টা পশু আৰু ২২,৫৯,৪১৩ টা মূৰ্গী বানে প্ৰভাৱিত কৰিছে ৷

বুধবাৰে বানপানীত মৃত্যু হোৱা লোকসকলৰ চাৰিজন লোকৰ ভিতৰত মৰিগাঁৱ জিলাৰ ভূৰাগাঁৱত দুজন ,এজন মৰিগাঁও আৰু এজন লাহৰিঘাটৰ আছিল৷ শোনিতপুৰত দুজন,ওডালগুৰিত দুজন আৰু কামৰূপ আৰু নগাঁৱৰ ৰহাত এজনকৈ মৃত্য হৈছে ৷ আনহাতে বিপদসমীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,শোনিতপুৰ,তেজপুৰ,গুৱাহাটী, কামৰূপ,গোলাঘাটৰ নুমলীগড়ত ধনশিৰী,শোনিতপুৰত জিয়া ভৰালী,কামৰূপত কপিলী আৰু নগাঁওত ধৰমতুল,কামৰূপত পুঁথিমাৰি,বৰপেটাত বেকী,হাইলাকান্দিত কাটাখাল আৰু কৰিমগঞ্জত কুঁশিয়াৰ আদি ৷

বুধবাৰলৈকে বানে বিধ্বস্ত কৰা জিলাসমূহৰ ভিতৰত আছে ধেমাজী,লখীমপুৰ,বিশ্বনাথ,শোনিতপুৰ,দৰং, ওডালগুৰি,বাক্সা, বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও, হোজাই,গোলাঘাট, মাজুলী,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ,কাৰ্বি আংলং আৰু কৰিমগঞ্জ আদি ৷ ইফালে বানত বহু ঠাইত মথাউৰি,দলং,পথ ক্ষতিগ্ৰস্ত হৈছে। বানত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে সেনা,এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযান অব্যাহত আছে।

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com