ৰাজ্যিক বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব শনিবাৰ অৰ্থাৎ ৩১ আগষ্ট’ত। কিন্তু এতিয়াও কিছু সংখ্যক লোক এনআৰচিক লৈ আশংকা ব্যক্ত কৰি আছে ।স্বদেশী অসমীয়া মুছলিম সংগঠন সদৌ অসম গৰিয়া মৰিয়া পৰিষদে সকলো জনতাক আহ্বান কৰিছে যে চূড়ান্ত পঞ্জীত নাম অন্তৰ্ভূক্ত নহলেও তেওঁলোকে যেন শান্তি বৰ্তাই ৰাখে।

পৰিষদে আশ্বাস প্ৰদান কৰে যে বিভিন্ন সংগঠনসমূহে অন্তিম এনআৰচিত নাম অন্তৰ্ভূক্ত নহ’লেও চিন্তা কৰাৰ কোনো আৱশ্যক নাই ।যদি কাৰোবাৰ নাম অন্তিম সুচীত অন্তৰ্গত নহয় তেন্তে ৰাজ্যৰ প্ৰত্যেক জিলাত এনআৰচিৰ বিষয়াসকলে সত্যাপন কৰাত সহায় কৰিব ।লগতে প্ৰত্যেক জিলাত এনআৰচিত নাম নহা সকলৰ কাৰণে আইনী সহায় কৰিব বুলি আশ্বাস দিয়ে পৰিষদে ।

আনহাতে যেতিয়া এনআৰচিৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল তেতিয়া এই প্ৰক্ৰিয়াত প্ৰতিবন্ধকতা আৰোপ কৰিছিল কিছুমান সাম্প্ৰদয়িক দল সংগঠনে ৷অৱশ্যে আছু আৰু ৩০ টা অন্য জাতীয় সংগঠনে এই দল সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁলোকে এনআৰচিৰ প্ৰক্ৰিয়াক বাহাল ৰাখিবৰ কাৰণে সহায় কৰিলে ৷ উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পাব লগা চূড়ান্ত এনআৰচিয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক সহাৰি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে পৰিষদে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Tea garden owners asked to pay Puja bonus upto 20% by Sep 20