Begin typing your search above and press return to search.

ছুটি নোলোৱাকৈয়ে এনআৰচিৰ কামত ব্যস্ত কৰ্মচাৰী

ছুটি নোলোৱাকৈয়ে এনআৰচিৰ কামত ব্যস্ত  কৰ্মচাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 10:47 AM GMT

ছুটী নোলোৱাকৈয়ে এনআৰচিৰ কামত ব্যস্ত হৈ আছে কৰ্মচাৰীসকল ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিয়োজিত কামৰূপৰ পাঁচটা ৰাজহ চক্ৰৰ লোকসকলৰ কাৰণে দেওবাৰ,দ্বিতীয় শনিবাৰ ,বিহু আৰু অন্যান্য উৎসৱত কোনো বন্ধৰ দিন লাভ কৰা নাই ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত দাবী আপত্তিৰ শুনানি হৈ আছে ৷

এনআৰচিত পুৰুষ কৰ্মচাৰীসকলে নিশালৈকে কামত ব্যস্ত হৈ থাকে। আৰু মহিলাসকলে নিশা ১০ বজালৈকে কাম কৰে ৷ যাতে ৰাজ্যখনে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰে। দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি এজন বিষয়াই কয় যে গুৱাহাটী ৰাজহ চক্ৰত দহ গৰাকী মহিলাৰ লগতে ৪৮ গৰাকী মহিলাই কাম কৰি আছে ৷জিলাৰ পাঁচখন ৰাজহ চক্ৰ ক্ৰমে গুৱাহাটী,দিছপুৰ, সোনাপুৰ,আজৰা আৰু চন্দ্ৰপুৰত ১৪০ জন বিষয়াই কাম কৰি আছে ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰত্যেকটো টীমত ডিআৰচিআৰ,এজন চিআৰচিআৰ আৰু ডিপ’জিং অফিচাৰ আছে । গুৱাহাটীৰ ৰাজহ চক্ৰত কাম কৰা এজন বিষয়াই কয় যে বিগত ছমাহ ধৰি মই মোৰ পৰিয়ালৰ পৰা আঁতৰত আছো। এনআৰচিত আমাৰ নাম আহিব নে নাহে সেয়া আমি মনত নাৰাখোঁ ৷ কিন্তু,অসমৰ মানুহে যাতে এখন শুদ্ধ এনআৰচি লাভ কৰে সেই কথা সুনিশ্চিত কৰিব লাগে।

অন্য এজন বিষয়াই কয় যে গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গতত প্ৰায় ৫০০০০ এনআৰচি আবেদনকাৰীয়ে এনআৰচিত নিজৰ নাম অন্তৰ্ভূক্তি কৰিবলৈ দাবী কৰিছে। বিষয়াই লগতে কয় যে গুৱাহাটী ৰাজহ চক্ৰৰ পাঁচখন জিলাত দাবী আপত্তি কৰা আবেদকৰ সংখ্যা বহুত বেছি ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক চূড়ান্ত ৰূপ দিবলৈ আগবাঢ়িছে সকলো বিষয়া ৷ যাতে এক নিৰ্ধাৰিত সময়ৰ সময়ত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰিব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীঃ কেন্দ্ৰৰ ৫১ আৰক্ষী বাহিনী নিয়োগ

ভিডিঅ প্ৰতক্ষ্য কৰক:Pratibandhi Suraksha Sangstha stages protest | The Sentinel News | Assam News

Next Story
চাকৰি