ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীঃ কেন্দ্ৰৰ ৫১  আৰক্ষী বাহিনী নিয়োগ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীঃ কেন্দ্ৰৰ ৫১ আৰক্ষী বাহিনী নিয়োগ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ হওঁতে যাতে কোনো ধৰণৰ কাৰ্য সংঘটিত নহয় তাৰ কাৰণে ৫৪ টা কোম্পানীক নিয়োগ কৰা হ’ব। ইফালে এনআৰচিৰ কামত যাতে কোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নহয় তাৰ কাৰণে ১৭৪ টা কোম্পানী প্ৰথমৰ পৰাই আছে ৷ লগতে ৰাজ্যত ৫১ টা কোম্পানী উপস্থিত হোৱাৰ লগে লগে বিভিন্ন অঞ্চলত তেওঁলোকক মোতায়ন কৰা হ’ব।

আনহাতে ৰাজ্য চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ে ইতামধ্যে স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰণ কৰিছে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি ১৪ খন জিলাক সংবেদনশীল হিচাপে চিনাক্ত কৰন কৰা হৈছে ৷ জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত চিএপিএফ কোম্পানীসমূহক পুনৰ ৰাজ্যত স্থানান্তৰিত কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে গৃহ মন্ত্ৰ্যালয়ৰ লগত যোগাযোগ কৰা হৈছে ৷

ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সুৰক্ষাৰ কাৰণে ৰাজ্যৰ আৰক্ষী বিভাগক মোতায়ন কৰা হৈছে ৷ গতিকে এই সন্দৰ্ভত সকলো এনআৰচি সেৱা কেন্দ্ৰ,পুলিচ ষ্টেশ্যন,ৰাজহ চক্ৰ,এচডিঅ’,উপায়ুক্ত কাৰ্যালয় আৰু ৰাজ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যালয় সমূহত সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰা হ’ব ৷ চলিত বৰ্ষৰ ৩১ আগষ্ট’ত উচ্চতম নযায়ালয়ৰ তত্ত্বাৱধানত অন্তিম এনআৰচি প্ৰকাশ পাব ৷

আনহাতে ৩১ আগষ্টত নাগৰিক পঞ্জী প্ৰকাশৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিত সৃষ্টি নহয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা লোৱা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৩১ আগষ্টত নাগৰিকপঞ্জী প্ৰকাশ পাব যদিও নাগৰিক পঞ্জীক কাম কাজক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইফালে বৈঠক খনত অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক আইনী সহায়তা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ইয়াৰে ৫৫ টা কম্পনীয়ে ৰাজ্যৰ আইন কানুন ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ আৱশ্যক হ’ব ৷ ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Man-Elephant Conflict in Majuli, Many residences destroyed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com