ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: অসমত চি এ পি এফৰ ১৪৫ অতিৰিক্ত বাহিনীৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: অসমত চি এ পি এফৰ ১৪৫ অতিৰিক্ত বাহিনীৰ  প্ৰয়োজন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ পাব ৩১ আগষ্টত । এন আৰ চি চুৰান্ত খচৰা প্ৰকাশৰ পিছৰ পৰিষ্ঠিতিৰ লগত মোকাবিলা কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে । সৰ্বোচ্চ ন্যায়ালয়ৰ অধিনত এন আৰ চিৰ প্ৰক্ৰিয়া চলি আছে । ৰাজ্যত বিভিন্ন প্ৰান্ত পৰ্যবেক্ষন কৰি আছে । সূত্ৰয়ে প্ৰকাশ কৰা মতে অসমক অধিক কেন্দ্ৰীয় সেনা আৰক্ষী বাহিনীৰ ১৪৫ টা কোম্পানী প্ৰয়োজন আছে । অসম আৰক্ষীয়ে এন আৰ চি প্ৰকাশৰ পৰবৰ্তী পৰ্যায়ৰ বাবে শুনানি আৰম্ভ কৰিছে ।

অসম আৰক্ষী, চি এ পি এফে এন আৰ চি সম্পৰ্কীয় সকলো দিশ পৰ্যালোচনা কৰিছে । এন আৰ চি সম্পৰ্কীয় নিৰাপত্তা ব্যৱস্থাৰ বাবে ২৫৪ চি এ পি এফ কোম্পানী প্ৰস্তাৱ দিছে । বৰ্তমান অসমত ১৬৪ কোম্পানী আছে। অধিক ৯০ কোম্পানীৰ প্ৰয়োজন ।জম্বু-কাশ্মীৰলৈ শেহতীয়াকৈ ৫৫ টা বাহিনী প্ৰেৰণ কৰা হৈছে । সেয়েহে বৰ্তমান অসমত ১৪৫ কোম্পানীৰ প্ৰয়োজন আছে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অসম চৰকাৰে ১০ টা অধিক ডিটেনচন কেম্প স্থাপনৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।

অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে ।৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হব|

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অতিৰিক্ত ১০ ডিটেনচন কেম্প স্থাপন কৰাৰ লগতে সীমান্তৰ অসম আৰক্ষীয়ে সবিশেষ প্ৰজেক্ট ৰিপোৰ্ট প্ৰস্তুত কৰিছে । গৃহ আৰু ৰাজহ বিভাগে ইতিমধ্যে জিলা উপায়ুক্তলৈ ডিটেনচন কেম্প স্থাপনৰ বাবে উপযুক্ত ভূমিৰ বাবে আবেদন কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পাছত এন আৰ চিত প্ৰকাশ নোপোৱা লোকসকলৰ বাবে এই কেম্প সমুহ স্থাপন কৰা হব ।ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত ৯৩৫ গৰাকী শৰনাৰ্থী আছে। ৯৩৫ ৰ ভিতৰত ৮২৩ গৰাকীক বিদেশী বুলি ঘোষণা কৰা হৈছে আৰু ১১৫ জন সন্দেহজন বিদেশী আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg and other noted celebs grace Biswanath Film Festival

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com