ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰাৰ অভিযোগ কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰাৰ অভিযোগ কংগ্ৰেছৰ

অসম বিধানসভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কীয় তথ্য জনাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । এই সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব কংগ্ৰেছ ।

শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ দলপতি দেবব্ৰত শইকীয়ায়ে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰকাশ কৰে যে, " ২০১৮ চনৰ ১৯ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল যে, এপেক্স কোৰ্টৰ অনুমতিৰ অবিহনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কীয় কোনো তথ্যয়ে যাতে প্ৰকাশ নকৰে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতো ৰাজ্য চৰকাৰে কেনেকৈ বিধানসভাৰ মজিয়াত এন আৰ চিৰ সম্পৰ্কীয় তথ্য ফাদিল কৰে । এই সম্পৰ্কে আমি উচ্চতম ন্যায়ালয়ক লিখিত ভাবে জনাম । ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিছে ।

বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ে লগতে কয় যে, ৰাজ্য চৰকাৰে সদনক বিপথে পৰিচালিত কৰিছে । বহুতো গুৰুত্বপূৰ্ণ বিষয় বিধানসভাৰ মজিয়াত আলোচনা নোহোৱাকৈ ৰয়।

৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত । উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিছিল। শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।

দুসপ্তাহৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুন বৰাই কৈছিল যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো জানি বুজিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশত পলম কৰি আছে । ৰিপুণ বৰাই কয় যে উচ্চতম ন্যায়ালয়ে এবছৰৰ পূৰ্বে প্ৰকাশ কৰিছিল যে চূড়ান্ত এনআৰচি ২০১৯ বৰ্ষৰ ৩১ জুলাইত প্ৰকাশ হ’ব লাগে ৷গতিকে বিগত এবছৰে চৰকাৰে কি কৰি আছে বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুণ বৰাই ৷

নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত চৰকাৰী বিষয়া কৰ্মচাৰীয়েই জড়িত হৈ আছে বুলি মত ব্যক্ত কৰি বৰাই কয় যে চৰকাৰৰ প্ৰকৃততে নিজৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰতে আস্থা নাই ৷সেয়েহে তেওঁলোকে পুনৰীক্ষণৰ দাবী তুলিছে ৷ কিন্তু আমি এখন স্পষ্ট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিছাৰিছো ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com