ৰাজ্যিক বাতৰি

শিক্ষক দিৱসত ড° সৰ্বপল্লী ৰাধাকৃষ্ণলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শ্ৰদ্ধাঞ্জলী

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ভৱিষ্যত প্ৰজন্মৰ উন্নতিৰ কাৰনে সমাজৰ সকলো লোকেই পদক্ষেপ ল’ব লাগে ৷আধুনিক শিক্ষা সমাজক শক্তিশালী কৰিবৰ কাৰণি গুৰুত্বপূৰ্ণ ৷আমাৰ নতুন প্ৰজন্মই সমাজত আদৰ্শ নাগৰিক হিছাপে সমাজৰ দায়িত্ব ল’ব লাগে ৷এই ক্ষেত্ৰত শিক্ষক সকলে উপযুক্ত ভূমিকা গ্ৰহণ কৰিব লাগে ।

বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সভাঘৰত ৫৮ সংখ্যক শিক্ষক দিৱসত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। লগতে মানৱ সম্পদ গঢ়ি তোলাৰ দিশত শিক্ষক সকলৰ ভূমিকাৰ সন্দৰ্বতো মত প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে। ইফালে শিক্ষা বিদ টাবুৰাম টাইডৰ বিষয়ে উল্লেখ কৰি সোনোৱালে কয় যে তেওঁ সমাজলৈ আগবঢ়োৱা অমূল্য অৱদানৰ কাৰণে সমাজত গুৰুত্বপুৰ্ণ ভূমিকা ল’ব।

লগতে ৰাজ্যৰ লোকসকলৰ মানসিকতা পৰিৱৰ্তন কৰিব লাগিব বুলিও মন্তব্য কৰে সোনোৱালে। আৰু ৰাজ্যৰ বিকাশৰ কাৰনে কৰ্ম সংস্কৃতি পৰিৱৰ্তন কৰিব লাগিব ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি সোনোৱালে কয় যে মোডীৰ স্মাট মন্ত্ৰক সাৰোগত কৰি স্মাৰ্ট শিক্ষক,স্মাৰ্ট শ্ৰেনী কোঠা,স্মাৰ্ট ছাত্ৰ ছাত্ৰী গঢ়ি তুলিব লাগিব।

লগতে স্বচ্ছ ভাৰত অভিযান,ফিট ইণ্ডিয়া মুভমেন্ট,জল জীৱন অভিযানৰ দৰে কাৰ্যক্ৰমণিকাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে আৰু এই ক্ষেত্ৰত শিক্ষক সকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগে ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই কয় যে গুণোৎসৱে শিক্ষা খণ্ডক আগুৱাই নিছে ৷সেয়েহে গুণোৎসৱৰ আয়োজন কৰিব লাগে ৷আনহাতে মুখ্যমন্ত্ৰী সনোৱালে শিক্ষাবিভাগৰ সকলো আলোচনাত মিলিত হৈ এটি একক সময়ৰ নিৰ্ধাৰন কৰিব কয় ৷ উল্লেখ্য যে ১৮৮৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰথমগৰাকী উপ–ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে। দেশৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল যদিও ৰাধাকৃষ্ণনে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী শিক্ষক হিচাপে।এই অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,শিক্ষাবিদ ইন্দ্ৰানী দত্তৰ লগতে আন বহুজন উপস্থিত থাকে ।