ধুবুৰীত পেট্ৰ’ল পাম্প স্থাপনক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰদান

ধুবুৰীত পেট্ৰ’ল পাম্প স্থাপনক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰদান

ধুবুৰীত ৬নং ৱাৰ্ডৰ আয়ুক্ত নিৰুপম চন্দ্ৰ ঘোষ আৰু ধুবুৰীৰ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক চিমুল চৰকাৰে শুক্ৰবাৰে মুখ্যমন্ত্ৰী সোনোৱালৰ লগত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ধুবুৰী অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত পেট্ৰল পাম্প স্থাপন নকৰিবলৈ আহ্বান কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী সোনোৱাললৈ ৷

স্মাৰক পত্ৰখনত গভীৰভাৱে আপত্তি দৰ্শাই কয় যে পেট্ৰ’ল পাম্পৰ কাম সম্প্ৰতি অতি ক্ষিপ্ৰ গতিৰে হৈ আছে ৷ কিন্তু এই পাম্প, সেই অঞ্চলৰ কাষৰীয়া প্ৰতিষ্ঠানসমূহ আৰু লোকসকলৰ কাৰণে অত্যন্ত হানিকাৰক ।লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ খনত উল্লেখ আছে যে চিনিয়ৰ ধুবুৰী মহাবিদ্যালয়,জুনিয়ৰ ধুবুৰী মহাবিদ্যালয় ধুবুৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ কাষত অৱস্থিত।

ইফালে ধুবুৰীৰ জেইল,প্ৰাথমিক বিদ্যালয়,চিকিৎসালয়,চৰকাৰী কাৰ্যালয়ও ইয়াৰ কাষতেই অৱস্থিত ৷ আনহাতে ইন্ধন পাম্প স্থাপন কৰা অঞ্চলটো বহুত জনবহুল ৷ যদি পাম্পৰ স্থাপন বন্ধ নকৰে তেন্তে ভৱিষ্যতে যি কোনো ঘটনা সংঘটিত হ’ব পাৰে ৷ দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত ধুবুৰীৰ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক চিমূল চৰকাৰে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰিছে ।

অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত পেট্ৰ’ল পাম্প নিৰ্মাণ কৰা বিষয়টো সকলোৱে বিৰোধ কৰিব লাগে ৷ কাৰণ এই পদক্ষেপে বহু লোক,ছাত্ৰ ছাত্ৰীৰ লগতে কাষৰীয়া পৰিবেশত প্ৰভাৱ পেলাব ৷এই মন্তব্য চিমূল চৰকাৰৰ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com