Begin typing your search above and press return to search.

১৯৮৮ চনৰ পিছত এইবাৰ সেই ভয়াবহ বানৰ সন্মুখীন ৰাজ্য: ধুবুৰীত অধিক ক্ষতিগ্ৰস্থ

১৯৮৮ চনৰ পিছত এইবাৰ সেই ভয়াবহ বানৰ সন্মুখীন ৰাজ্য: ধুবুৰীত অধিক ক্ষতিগ্ৰস্থ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 9:10 AM GMT

চলিত বৰ্ষত বানে এক ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, ১৯৮৮ চনৰ পিছত এইবাৰ পুনৰ তেনে এক ভয়াবহ বানপানী বিধস্ত কৰি যায়। বৰ্তমান সময়ত বানৰ বিভীষিকা কমিছে যদিও চৌদিশে এতিয়া মহামাৰী , দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। বানৰ ফলত ধুবুৰীত হাজাৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে । প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্থ , প্ৰায় ৫,৫০,৩৬৮ বসতিপূৰ্ন ৩৯৭ খন গাঁও ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।

বিভাগীয় তথ্যৰ মতে, ৩২,৩৭১ লোক, ৭,৫৭৫ শিশু বানৰ কবলত পৰে। সমগ্ৰ জিলাতে ৯৬ টা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল । এশৰো অধিক বিদ্যালয় গৃহ ক্ষতিগ্ৰস্থ হৈছে লগতে অংগনবাদী কেন্দ্ৰ, চৰকাৰী অফিচ , বান্ধ , পথ আদি ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।

২৩ জুলাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰী সংযোগ হোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আইলেঙগমাৰিত বানপানীয়ে উটোৱাই নিছিল । ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে বিদ্যালয়, কলেজ আদিও ক্ষতিগ্ৰস্থ হয় । ধুবুৰীৰ লগতে, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাতো বানপানীয়ে ক্ষতিগ্ৰস্থ কৰে । বানপানীৰ ফলত ধুবুৰী চহৰৰ বিভিন্ন কাৰ্যালয় আদিত ক্ষতিগ্ৰস্থ কৰাৰ লগতে বিদুৎ ব্যবস্থাও ব্যাহত হৈ পৰা পৰিলক্ষিত হয় ।১৯৮৮ চনৰ পিছত এনে ভয়াবহ বানপানীৰ সন্মুখীন হয় সমগ্ৰ ৰাজ্য। ১৩,৪০০ বিদুৎ যোগানো ব্যাহত হয় ধুবুৰী জিলাত ।

সমান্তৰালকৈ লক্ষিমপুৰত ১৭৫ খন শিক্ষা অনুষ্ঠানৰ ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত । বিভাগৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, ইয়াৰে ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন হাই স্কুলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় । এই বিদ্যালয় সমূহৰ বৰ্তমান সময়ত শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে ।প্ৰলয়ংকাৰী বানে ৰাজ্যত বিভীষিকা সৃষ্টি কৰাৰ পিছত এতিয়া মহামাৰীকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত সকল। প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যত প্ৰায় ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে ।প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল ।

সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰানীৰ মাজত বিভীষিকাৰ সৃষ্টি হয়।

অধিক খবৰৰ বাবে পঢ়ক: ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি সংকুচিত হৈ পৰিছে

Next Story
চাকৰি