ৰাজ্যিক বাতৰি

গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital Desk

ৰাজ্য চৰকাৰে ভূটান সীমান্তৰ বৰঙাজুলি সত্ৰৰ প্ৰতিষ্ঠাপক হৰেকৃষ্ণ মহন্তক ব্ৰহ্ম সমাজৰ পথ প্ৰদৰ্শক কালিচৰণ ব্ৰহ্ম বটাঁ প্ৰদান কৰা হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সহযোগত, উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এখন বৈঠকত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তক বটাঁ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ পুৰস্কাৰত ৩,০০,০০০ টকা আৰু এখন প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ আছে ।

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত হোৱা সমাৰোহখনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্নালী শৰ্মাই সভাৰ আদৰণি ভাষণ আগবঢ়াই ৷ লগতে বড়ো সমাজৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ মহান যোগদানৰ সন্দৰ্ভত উল্লেখ কৰি হৰেকৃষ্ণ মহন্তই লাভ কৰা পুৰস্কাৰ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। বৈঠকত অংশ গ্ৰহণ কৰি সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰাজ্য চৰকাৰৰ কালিচৰণ ব্ৰহ্মৰ নামত অসম চৰকাৰে বটাঁ প্ৰদান কৰা বাবে সুখী হোৱা বুলি মন্তব্য কৰে ।

ইফালে মুখ্যমন্ত্ৰী সোনোৱালে বটাঁ প্ৰদান কৰি কয় যে সত্ৰীয়া সংস্কৃতিৰ বাৰ্তাবাহক তথা বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধ্বজাবাহক হৰেকৃষ্ণ মহন্তৰ দৰে ব্যক্তি সাম্প্ৰতিক সময়ৰ বাবে অতিকৈ প্ৰয়োজন।জীৱনত শান্তি লাভ কৰিবলৈ মানুহৰ মংগলৰ কাৰণে কাম কৰাৰ আহ্বান কৰে সোনোৱালে ৷ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তই কেনেকৈ সমাজ সংস্কাৰ কৰিবলৈ আদিবাসী সমাজত প্ৰবেশ কৰিলে এই সন্দৰ্ভত ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী সোনোৱালে ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো লোকক কালীচৰণ ব্ৰহ্মৰ মহান কাৰ্যক সৰোগত কৰি আগবাঢ়ি যাবলৈ আহ্বান কৰে । লগতে সমাজৰ কামত আগবাঢ়ি যোৱাৰ কাৰণে সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তক শুভেচ্ছা জ্ঞাপন কৰে। অন্যহাতে একেটা অনুষ্ঠানতে নিজ নিজ ক্ষেত্ৰৰ পৰা সমাজলৈ অতুলনীয় বৰঙনি আগবঢ়োৱা জিলাখনৰ শিশিৰ কুমাৰ চুনী,সুৰেন্দ্ৰ নাথ বৰ্মা,চন্দ্ৰকান্ত বসুমতাৰী,ৰতন বড়ো, ৰবিৰাম ব্ৰহ্ম,মথুৰা বসুমতাৰী,বাৰল্মফা নাৰ্জাৰী,ড° দৈহাস্ৰী বসুমতাৰীক অসম চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনায় ।

বটাঁ প্ৰদান অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে,বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী বিষয়া,কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী,ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰক যোগেশ্বৰ দৈমাৰী,বিধায়ক ক্ৰমে কমলী বসুমতাৰী আদি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে ৷

উল্লেখ্য যে কালিচৰণ ব্ৰহ্ম বটাঁপ্ৰাপক হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ অতি ভিতৰুৱা অঞ্চলটোৰ বড়ো,ৰাভা,কোচ ৰাজবংশী,আদিবাসী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি এতিয়ালৈকে ৩৩ খনকৈ সত্ৰ প্ৰতিষ্ঠা কৰিছে। ইফালে সম্প্ৰতি শংকৰদেৱ বটাঁ প্ৰদান কৰাৰো দাবী জনাইছে ওদালগুৰি বাসীয়ে ৷