অসমীয়া ছবি গৃহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

অসমীয়া ছবি গৃহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দেওবাৰে ব্ৰহ্মপুত্ৰ অতিথিশালাত ৰাজ্যখনৰ ছবিৰ লগত জৰিত লোকসকলৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ এই বৈঠকখনত অসমীয়া ছবিজগতৰ বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। লগতে ৰাজ্য চৰকাৰে ছবিসমূহৰ এখন পলিছি তৈয়াৰ কৰিবলৈ সংকল্প লয় ৷

মুখ্যমন্ত্ৰীয়ে কয় যে নীতি তৈয়াৰ কৰাৰ পিছত অসমীযা ছবিজগতৰ বিকাশত সহায় কৰিব । মুখ্যমন্ত্ৰী সোনোৱালে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জৰিত থকা বৰ্ণালী শৰ্মাক প্ৰস্তাবিত নীতিসমূহৰ বাস্তৱ ৰূপ দিবলৈ যাৱতীয় সকলো ব্যৱস্থা কৰিবলৈ কয় ৷ আসাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেন্টৰ অধ্যক্ষ যতীন বৰাই কয় যে ৰাজ্যত ৩৫ টা ছবিগৃহ মুকলি কৰাৰ প্ৰস্তাৱ লাভ কৰা হৈছে।

লগতে যতীন বৰাই কয় যে চলিত বৰ্ষত অক্টোবৰত পাঁচটা নতুন ছবি গৃহ মুকলি কৰাৰ লগতে পাঁচ টা পুৰণি ছবি গৃহ পুনৰ মেৰামতি কৰা হ’ব। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছবি গৃহ নিৰ্মাণ কৰিবলৈ বিভিন্ন স্থান নিৰ্বাচন কৰিবলৈ কোৱাৰ লগতে এখন কমিটী গঠন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

ৰাজ্যৰ আৰ্থিক বিকাশক সুবিধাজনক কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহ্বান কৰে আৰু ১৫০- ৩০০ আসন থকা এটি ছবি গৃহ নিৰ্মাণ কৰিবলৈ ৭৫ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। বানিজ্যিক কৰৰ আয়ুক্ত অনুৰাগ গোৱেলে অটল অমৃত অভিযানৰ আধাৰত ছবিৰ লগত জৰিত থকাসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বিত্তীয় সহায় কৰিবলৈ আহ্বান কৰে ৷

অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই সোমবাৰে এখন সংবাদমেল আয়োজন কৰে৷ অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত নিগমত হোৱা সংবাদ মেলখনত অসমৰ চুটি ছবি,এনিমেছনত ৰাজ্য চৰকাৰৰ অনুমোদন সন্দৰ্ভত আলোচনা হয়। ইফালে ছবি কাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে ১ কোটি টকা মোকলাই দিছে ৷ চুটি ছবিৰ কাৰণে ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য প্ৰদান কৰে চৰকাৰে ৷আৰু দৈৰ্ঘ্য ছবিৰ ওপৰত প্ৰায় ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য দিয়ে চৰকাৰে ৷

লগতে, বন্ধ হৈ থকা ছবিগৃহসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি মুকলি কৰি দিয়ে ৷ অন্যহাতে এই সংবাদমেলখনত অসমৰ প্ৰসিদ্ধ নিৰ্মাতা ৰীমা দাসেও অংশ গ্ৰহণ কৰে ৷উল্লেখ্য যে ভিলেইজ ৰকষ্টাৰ,বুলবুল কেন চিঙৰ দৰে ছবিৰ নিৰ্মাতা ৰীমা দাসলৈ ৫০ লাখ টকা আগবঢ়োৱা হয় ৷ ইফালে ৰীমা দাসে নতুন ছবি পূৰ্ণ চন্দ্ৰা নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে এই সংবাদমেলখনত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com