ৰাজ্যিক বাতৰি

ক’ৰ’না ভাইৰাছঃ কোৰিয়ান নাগৰিকক লৈ ধেমাজিত হাহাকাৰ

Sentinel Digital Desk

ক’ৰ’না ভাইৰাছৰ সংহাৰক লৈ লৈ সমগ্ৰ বিশ্ববাসী সন্ত্ৰষ্ট হৈ থকাৰ সময়তে দক্ষিণ কোৰিয়াৰ এজন নাগৰিকক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধেমাজিত ৷ কোৰিয়ান কোম্পানী এটাৰ ব্যৱসায়িক কামত যোৱা ১১ মাৰ্চৰ পৰা ধেমাজিৰ অভিজাত হোটেল “ইম্পেৰিয়েল ইনন” ত বাহৰ পাতি আছিল দক্ষিণ কোৰিয়াৰ এই নাগৰিকজনে ৷ মঙলবাৰে কোৰিয়াৰ নাগৰিকজনে ধেমাজিত কোৰিয়ান থেৰাপী চেন্টাৰ এটাৰ উদ্বোধনী অনুষ্ঠানটো অংশগ্ৰহণ কৰে ৷ তাৰ পিচতহে হাহাকাৰ লাগে ধেমাজি জিলা প্ৰশাসন, আৰক্ষী তথা স্বাস্থ্য বিভাগত ৷ প্ৰশাসনে লোকজনক ততাতৈয়াকৈ উক্ত হোটেলৰ ১০৫ নম্বৰ কোঠাত আৱদ্ধ কৰি স্বাস্থ্য পৰীক্ষা সম্প্ন্ন কৰাৰ লগতে তেওঁক সোধপোচ কৰে ৷ অৱশেষত চিকিৎসকৰ দলে দক্ষিণ কোৰিয়াৰ নাগৰিকজন থকা হোটেলখনৰ ১০৫ নম্বৰ কোঠাটোতে অহা এসপ্তাহৰ বাবে তেওঁক আইছ’লেছনত ৰখাৰ ব্যৱস্হা কৰে ৷ এই সময়চোৱাত লোকজনৰ ওচৰলৈ কোনো লোক যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে জিলা প্ৰশাসনে ৷

আনহাতে, শিলচৰত এজন স্পেনিষ্ট চাইক্লিষ্টক কোনো হোটেলেই আশ্ৰয় নিদিয়াৰ তথ্য পোহৰলৈ আহিছে।

।পাবলো আলবাৰ্টো ফার্নান্ডেজ গাৰ্ছিয়া নামৰ স্পেনিষ্ট চাইক্লিষ্টজনে চাইকেলেৰ বিশ্ব ভ্ৰমণ কৰি আছে। যোৱা ১২ মার্চত এই তেওঁ মেঘালয় হৈ শিলচৰত উপস্থিত হয়। কিন্তু শিলচৰত তেওঁক কোনো হোটেলেই আশ্ৰয় নিদিলে। অৱশ্যে এই বিদেশী নাগৰিজন ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।