ডিব্ৰুগড়ত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহত এজনক চিকিৎসালয়ত ভৰ্তি

ডিব্ৰুগড়ত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহত এজনক চিকিৎসালয়ত ভৰ্তি

অসম পালেহি ভয়াৱহ ক’ৰ’না ভাইৰাছ ! এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত এজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে ৷ প্ৰশাসনৰ তথ্য অনুসৰি এই লোকজনে মালয়েছিয়া ভ্ৰমণ কৰিছিল ৷ শেহতীয়াভাবে তেওঁ জ্বৰ আৰু কাহত আক্ৰান্ত হয় ৷ তদুপৰি তেওঁ অত্যন্ত ভাগৰ অনুভৱ কৰিবলৈ ধৰে ৷ এনেদৰে তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠাত লোকজনক এ এম চিত ভৰ্তি কৰা হয় ৷ তাৰ পাছৰে পৰা তেওঁক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰাখি বিশেষজ্ঞ চিকিৎসকৰ দলে পৰ্যবেক্ষণ কৰি আছে ৷ উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য ৰাজ্য চৰকাৰে অহা ২৯মাৰ্চলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ তদুপৰি জিমনেছিয়াম আদিও বন্ধ ৰাখিবলৈ চৰকাৰে নিৰ্দেশ দিছে ৷ ইপিনে, দেশত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত এই পৰ্যন্ত শতাধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com