Begin typing your search above and press return to search.

এম টি ভি ছুপাৰ মডেলৰ খিতাপ জয় ছিকিমৰ মেনিলা প্ৰধানৰ

এম টি ভি ছুপাৰ মডেলৰ খিতাপ জয় ছিকিমৰ মেনিলা প্ৰধানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 March 2020 10:42 AM GMT

এগৰাকী ছিকিম সুন্দৰীয়ে জয় কৰিলে চলিত বৰ্ষৰ এম টি ভি ছুপাৰ মডেল খিতাপ ।দেশৰ চীন সীমান্তৱৰ্তী পাহাৰীয়া ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এই সুন্দৰীগৰাকীৰ নাম হ’ল মেনিলা প্ৰধান ৷

এম টি ভিয়ে সুন্দৰীগৰাকীক বৰ্ষটোৰ ছুপাৰ মডেল খিতাপ প্ৰদান কৰিছে৷ এই প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত ছিকিম সুন্দৰীয়ে দৃশা ম’ৰ আৰু প্ৰিয়া সিঙক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে ৷ এই বঁটাৰ সৈতে মডেলিঙৰ বাবে এবছৰীয়া চুক্তি আৰু পাঁচ লাখ টকা আছে ৷ এই শ্ব’ত বিচাৰকৰ ভূমিকা পালন কৰে মালাইকা অৰোৰা, ডিজাইনাৰ মাছাবা গুপ্তা আৰু মিলিন্দ সোমনে ৷ আনহাতে, অনুষা আৰু উজ্জ্বলা ৰাওৱে মডেলসকলৰ মেণ্টৰৰ ভূমিকা পালন কৰে ৷ স্বাভাৱিকতে এই খিতাপ জয়ে সুন্দৰীগৰাকীক উৎফুল্লিত কৰিছে ৷ সফলতাৰ বাবে তেওঁৰ সকলো অনুৰাগীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷ এই সফলতাক তেওঁ এক সপোন পূৰণৰূপে অভিহিত কৰিছে ৷ একেদৰে তেওঁ শ্ব’ৰ বিচাৰককেইগৰাকী আৰু মেণ্টৰকেইগৰাকীলৈও ধন্যবাদ জ্ঞাপন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: মাৰ্কিন সেনাত ভৰ্তি অৰুণাচল প্ৰদেশৰ যুৱতীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: East Siang District Administration in Arunachal Pradesh cautious over corona virus

Next Story
চাকৰি