মাৰ্কিন সেনাত ভৰ্তি অৰুণাচল প্ৰদেশৰ যুৱতীৰ

মাৰ্কিন সেনাত ভৰ্তি অৰুণাচল প্ৰদেশৰ যুৱতীৰ

মেধা, সাহস আৰু দৃঢ়তাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা অৰ্জন কৰা এই যুৱতীগৰাকীৰ নাম হ’ল নিকি লেগ’ ৷ সুন্দৰী যুৱতীগৰকীয়ে অলপতে মাৰ্কিন সেনাত যোগদান কৰে ৷ সম্প্ৰতি তেওঁ জৰ্জিয়াত কৰ্মৰত ৷ নিকিৰ মাৰ্কিন সেনাত যোগদানৰ খবৰ বিয়পি পৰাৰ লগে লগে বহুজনে আনন্দ-উচ্ছ্বাস প্ৰদৰ্শন কৰিছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ ৰাজনীতিক নিনং এৰিঙকে ধৰি ছ’চিয়েল মিডিয়াত বহুজনে নিকিৰ ফটো শ্বেয়াৰ কৰি উচ্ছ্বাস প্ৰদৰ্শন কৰিছে ৷ এটা টুইটত প্ৰাক্তন মন্ত্ৰী এৰিঙে খ্যাতি-যশস্যাৰ শিখৰত অৱগাহন কৰা যুৱতীগৰাকীলৈ শুভেচ্ছা জনাইছে ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ছিয়াং মডেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা নিকিয়ে পৰৱৰ্তী সময়ত দিল্লীত গণসংযোগৰ শিক্ষা গ্ৰহণ কৰে ৷ পাছত তেওঁ কিছুদিন আতিথ্য খণ্ডত কৰ্মৰত আছিল ৷ পৰৱৰ্তী সময়ত তেওঁ কিছুদিন গুগল প্ৰতিষ্ঠানত চাকৰি কৰে । অৱশেষত তেওঁ আমেৰিকালৈ উৰা মাৰে ৷ তাত কিছুদিন থকাৰ পাছত তেওঁ মাৰ্কিন সেনাত যোগদান কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com