Begin typing your search above and press return to search.

ওদালগুৰিত নিশা ভয়ংকৰ দুৰ্ঘটনাঃ পাঁচজনৰ মৃত্যু

ওদালগুৰিত নিশা ভয়ংকৰ দুৰ্ঘটনাঃ পাঁচজনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2020 12:12 PM GMT

ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত নাচনশালীত শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন কিশোৰসহ পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, এখন তীব্ৰবেগী ডি আই গাড়ীয়ে পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মৰাৰ ফলত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক কেইজনক গোবিন্দ বড়ো (৩৫), জ’হান কুলু (৪০), মণিৰাম বড়ো (৩০), জিতেন বড়ো আৰু চানঞ্চুমা ব্ৰহ্ম (১৭) বুলি চিনাক্ত কৰা হৈছে।

এখন বিয়াৰ কইনা ঘৰৰ পৰা উভতি অহাৰ পথত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। আনহাতে, দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাছত গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ডি আই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনায়।

অন্য খবৰৰ বাবে পঢ়ক: আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাৱাৰীত আৰম্ভ হ’ব শিল্পগ্ৰাম মহোৎসৱ

ভিডিঅ প্ৰতক্ষ্য কৰক: Cruise ship tourists in quarantine at Nimati Ghat in Jorhat were released today

Next Story
চাকৰি