আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাৱাৰীত আৰম্ভ হ'ব শিল্পগ্ৰাম মহোৎসৱ

আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাৱাৰীত আৰম্ভ হ'ব শিল্পগ্ৰাম মহোৎসৱ

আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাৱাৰীত আৰম্ভ হ'ব শিল্পগ্ৰাম মহোৎসৱ । আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ উদ্যেগত অনুষ্ঠিত হ'ব শিল্পগ্ৰাম মহোৎসৱ। সাংস্কৃতিক কমপ্লেক্সৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত এই মহোৎসৱ আজিৰে পৰা ১৫ মাৰ্চলৈ চলিব।

প্ৰতিবছৰে এই মহোৎসৱত সাংস্কৃতিক কাৰ্যসূচী, শিল্প কলা প্ৰদৰ্শনী , বিক্ৰী , আৰু ইয়াৰ স্থাপন দিৱসৰ চিহ্নিত কৰা পাৰম্পৰিক ব্যঞ্জন তৈয়াৰ কৰা হয় ।

এই মহোৎসৱত ড° প্ৰসন্ন গগৈৰ দ্বাৰা কৰিঅ'গ্ৰাফ কৰা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লোক আৰু জনজাতীয় নৃত্য প্ৰদৰ্শন কৰা হ’ব ।‌ নৃত্যৰ বিষয় বস্তু হল 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'। ইয়াত ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, গুজৰাট, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কলা-কুশলীয়েও অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে অহা ১৫ মাৰ্চত। ইয়াৰ পিছতেই ছামাৰ ছল্টৰ দ্বাৰা সংগীত প্ৰদৰ্শন কৰা হ'ব। তদুপৰি বাণীমাধৱৰ দ্বাৰা ওডিছী নৃত্য প্ৰদৰ্শন কৰা হ'ব। ১৪ মাৰ্চত ৫ টা লোক-নৃত্য, টেটচিঅ চিষ্টাৰ আৰু সোফিয়ামৰ দ্বাৰা ফিউজন সংগীত প্ৰদৰ্শন কৰা হ'ব ।

এই মহোৎসৱতে বৰগীত প্ৰদৰ্শন কৰিব প্ৰণামী কলিতাই। আনহাতে, ১৩ ফেব্ৰুৱাৰীত ,উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কলা-কুশলীৰ দ্বাৰা বিভিন্ন নৃত্য প্ৰদৰ্শন, শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনৰ লগতে আন বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে, ১৫ মাৰ্চত অনুষ্ঠনৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব ‌নগালেণ্ডৰ ৰাজ্যপাল তথা উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ আৰ এন ৰবিয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com