Begin typing your search above and press return to search.

জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ অকাল বিয়োগ

জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ অকাল বিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 12:26 PM GMT

জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ অকাল বিয়োগ

অকালতে জীৱননাট সামৰিলে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰী বৰুৱাই। বুধবাৰে দুপৰীয়া শিল্পীগৰাকীৰ পত্নী মানশ্ৰী বৰুৱাই এটি পুত্ৰ সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল। ইয়াকে লৈ পৰিয়ালত আনন্দমুখৰ বিৰাজ কৰি থকাৰ সময়তে মহিলাগৰাকীৰ অকাল বিয়োগ ঘটে।কালি শিল্পী ভূঞাই ফে’চবুকৰ জড়িয়তে পুত্ৰ সন্তানৰ পিতৃত্ব অৰ্জনৰ খবৰো গুণমুগ্ধসকলক দিয়ে। তেওঁ দ্বিতীয়বাৰৰ বাবে পুত্ৰ সন্তানৰ পিতৃত্ব অৰ্জন কৰে। আনহাতে, ভূঞাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, প্ৰসৱজনিত কাৰণত বোৱাৰীয়েকক মাৰোৱাৰী মেটাৰনিটী হাস্পতালত ভৰ্তি কৰা হৈছিল। কালি দিনৰ ১১বজাত তেওঁ তাতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে। কিন্তু সন্তান প্ৰসৱৰ কিছু সময়ৰ পাছতে মহিলাগৰাকী গুৰুতৰভাবে অসুস্থ হৈ পৰে।দেহত হিম’গ্লবিন আৰু ৰক্তচাপৰ তাৰতম্যৰ বাবে প্ৰসূতিগৰাকীৰ অৱস্থাৰ দ্ৰূত অৱনতি ঘটে। পৰিণতিত চিকিত্সকৰ চেষ্টাৰ পাছতো প্ৰসূতিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ লোকে জনায়। স্বাভাৱিকতে এই খবৰে তেওঁৰ আত্মীয়-স্বজনক শোকাহত কৰাৰ লগতে শিল্পীগৰাকীৰ অগণন গুণমুগ্ধক মৰ্মাহত কৰিছে।ইতিমধ্যে শিল্পীগৰাকীৰ গৃহত উপস্থিত হৈ বহু লোকে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছে।

অন্য খবৰৰ বাবে পঢ়কঃ নিষ্ক্ৰীয় অসম চৰকাৰ :লখিমপুৰ জিলাত অসমৰ ভূমি ব্যাপক বেদখল অৰুণাচলৰ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ ‘Saragdeo Puja’ by Sonowal Kachari community observed in Moran

Next Story
চাকৰি