নিষ্ক্ৰীয় অসম চৰকাৰ :লখিমপুৰ জিলাত অসমৰ ভূমি ব্যাপক বেদখল অৰুণাচলৰ

নিষ্ক্ৰীয় অসম চৰকাৰ :লখিমপুৰ জিলাত অসমৰ ভূমি ব্যাপক বেদখল অৰুণাচলৰ

অসমৰ চৰকাৰ আৰু প্ৰশাসনক ভ্ৰুকুটি কৰি চুবুৰীয়া একাধিক ৰাজ্যই অসমৰ ভূমি বেদখল অব্যাহত ৰাখিছে। শেহতীয়াভাবে লখিমপুৰ জিলাত অসমৰ ভূমিত ব্যাপক বেদখল অব্যাহত ৰাখিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে। অভিযোগ অনুসৰি অসম চৰকাৰৰ উদাসীনতা তথা লখিমপুৰৰ জিলা প্ৰশাসনৰ চকুৰ সন্মখতে অৰুণাচলী লোকে কাকৈ, দলুং আৰু ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি আছে। অৰুণাচলীৰ এনে আগ্ৰাসন ৰোধৰ বাবে অজ্ঞাত কাৰণত লখিমপুৰ প্ৰশাসন তথা অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। স্বাভাৱিকতে অসমৰ চৰকাৰ-প্ৰশাসনৰ এনে স্থিতিয়ে এই অঞ্চলসমূহৰ অসমৰ বাসিন্দাসকলক ক্ষুব্ধ কৰি তুলিছে। ইয়াৰ সমান্তৰালভাবে অৰুণাচলীৰ আগ্ৰাসনে এই অঞ্চলসমূহত তুমুল উত্তেজনাৰ সৃষ্টি কৰিছে।স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ সৈতে চলি থকা সীমা বিবাদ নিস্পত্তিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ইয়াৰ সুযোগ লৈ চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে অসমৰ ভূমি বেদখল কৰি চৰকাৰী কাৰ্যালয়, স্কুল আদি স্থাপন কৰিছে। ইয়াৰ এটা উদাহৰণ হ’ল কাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। এই কাৰ্যালয় অৰুণাচল প্ৰদেশ চৰকাৰৰ অধীনৰ যদিও স্থাপন কৰা হৈছে অসমৰ ভূমিত। কেৱল সেয়াই নহয়, শেহতীয়াভাবে সীমা পাৰ হৈ আহি অৰুণাচলী লোকে অসমৰ ভূমিত এটা প্ৰাৰ্থনা গৃহও নিৰ্মাণ কৰে। নিয়’কুম নামৰ এই প্ৰাৰ্থনা গৃহ স্থাপন কৰা হৈছে কাকৈ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ কাকৈ ৰাজগড় বাঙালী অঞ্চলত। যোৱা ২৫ ফেব্ৰুৱাৰীত অৰুণাচলী আগ্ৰাসনকাৰীয়ে এই প্ৰাৰ্থনাগৃহৰ আধাৰশিলা স্থাপন কৰে। এই গৃহ নিৰ্মাণৰ পাছতে আগ্ৰাসনকাৰীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি খুঁটা পোতে। মাজে-সময়ে অসম আৰক্ষীয়ে আগ্ৰাসনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদিও আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। একপ্ৰকাৰ নিতৌ অসমৰ ভূমি বেদখল কৰি আছে চুবুৰীয়া ৰাজ্যখনৰ লোকে। একে প্ৰক্ৰিয়াৰে অৰুণাচলী লোকে দলুং সংৰক্ষিত বনাঞ্চলতো বেদখল অব্যাহত ৰাখিছে।

অৱশ্যে অৰুণাচলীৰ আগ্ৰাসন ৰোধৰ উদ্দেশ্য প্ৰশাসনে ৰাজগড়-ৰূপহীত এটা সীমান্ত আৰক্ষী চকী (বি অ পি) নিৰ্মাণ আঁচনি লৈছে। লক্ষ্যণীয় যে বুধবাৰে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন প্ৰসংগ অসম বিধানসভাতো উত্থাপিত হয়। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কামৰূপৰ লাম্পিত মেঘালয় আৰক্ষীয়ে বেদখল কৰি শিবিৰ স্থাপন কৰা এখন প্ৰাথমিক স্কুলৰ প্ৰসংগ উত্থাপন কৰে। অসম চৰকাৰৰ অনীহাত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখলৰ সুযোগ পোৱা বুলি বিধায়কজনে ক্ষোভ প্ৰকাশ কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰকঃ ‘Saragdeo Puja’ by Sonowal Kachari community observed in Moran

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com