Begin typing your search above and press return to search.

বি টি চি নিৰ্বাচনৰ দিন ঘোষণা:চাৰি এপ্ৰিলত ভোট গ্ৰহণ, আঠ এপ্ৰিলত ভোটগণনা

বি টি চি নিৰ্বাচনৰ দিন ঘোষণা:চাৰি এপ্ৰিলত ভোট গ্ৰহণ, আঠ এপ্ৰিলত ভোটগণনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 1:11 PM GMT

বি টি চি নিৰ্বাচনৰ দিন ঘোষণা:চাৰি এপ্ৰিলত ভোট গ্ৰহণ, আঠ এপ্ৰিলত ভোটগণনা

অহা চাৰি এপ্ৰিলত অনুষ্ঠিত হ’ব বড়ো টেৰিটৰিয়েল কাউন্সিল(বি টি চি)ৰ নিৰ্বাচন। আঠ এপ্ৰিলত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। আজি এই কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে। নিৰ্বাচন আয়ুক্তই ঘোষণা কৰা অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা ১৮ মাৰ্চৰ বিয়লি তিনি বজা। মনোনয়ন পত্ৰ পৰীক্ষণ হ’ব ১৯ মাৰ্চত। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ অহা ২১ এপ্ৰিল। প্ৰয়োজন সাপেক্ষে পুনৰ ভোটগ্ৰহণৰ বাবে ছয় এপ্ৰিলত দিনটো ঠিক কৰা হৈছে। ইতিমধ্যে শাসকীয় বি পি এফৰ লগতে বিভিন্ন দলে নিৰ্বাচনী কুচ-কাৱাজ তুংগত তুলিছে। এইবাৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বত গঠিত গণ সুৰক্ষা পাৰ্টীয়ে বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত।

কিছুমাহ পূৰ্বেই সাংসদ শৰণীয়াই এই কথা ঘোষণা কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফক ক্ষমতাৰ পৰা উত্খাতৰ হুংকাৰ দিয়ে। সাংসদ ৰূপে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে শৰণীয়াই এই নতুন দল গঠন কৰে। আনহাতে, ইউ পি পি এলেও ন-উদ্যমৰে নিৰ্বাচনী প্ৰস্তুতি চলাইছে। দলৰ সভাপতিৰ দায়িত্ব প্ৰাক্তন এবছু সভাপতি প্ৰমোদ বড়োৱে গ্ৰহণ কৰাৰ পাছৰে পৰা নিৰ্বাচনী প্ৰস্তুতি তুংগত তুলিছে। ইউ পি পি এলেও বি পি এফক ক্ষমতাৰ পৰা উত্খাতৰ হুংকাৰ দিয়ে আনহাতে, বি পি এফে অগপ বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে। কংগ্ৰেছেও নিৰ্বাচনী প্ৰস্তুতি চলাইছে। ফলত এইবাৰ বিৰ্ টি চিৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ উঠিছে।

অন্য খবৰৰ বাবে পঢ়কঃ ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ যৌথ প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত ভূঞা

ভিডিঅ প্ৰতক্ষ্য কৰকঃ 17 kgs of Ganja Seized from Kamrup Express near Barpeta Railway Station

Next Story
চাকৰি