Begin typing your search above and press return to search.

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ যৌথ প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত ভূঞা

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ যৌথ প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত ভূঞা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 10:12 AM GMT

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ যৌথ প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত ভূঞা

অহা ২৬ মাৰ্চত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ তিনিখন আসনৰ এখনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় চূড়ান্ত হৈছে। বিৰোধীৰ সম্ভাৱ্য উমৈহতীয়া প্ৰাৰ্থীৰূপে কে’বাজনো বিখ্যাত ব্যক্তিৰ নাম বিগত কিছুদিন ধৰি বিভিন্ন মাধ্যমত চৰ্চিত হৈ আছিল যদিও অৱশেcষত ভূঞা প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈছে। ইতিমধ্যে তেওঁ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। বিগত তিনি দশক ধৰি সক্ৰিয় সাংবাদিকতাৰে জড়িত ভূ্ঞাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। একেদৰে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰৰ একাংশও উত্ফুল্লিত হৈছে। শেহতীয়া নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলনত বিশেষ ভূমিকা পালন কৰা ভূঞাই ৰাজ্যবাসীৰ আশা-আকাংক্ষা পূৰণৰ বাবে সংসদৰ মজিয়াত বলিষ্ঠ ভূমিকা পালন কৰিব বুলি বিভিন্নজনে আশা প্ৰকাশ কৰিছে।

ইয়াকে লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে। আনহাতে, বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থীৰূপে বাছনি কৰিলে, সেয়া আনন্দৰে গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰি সাংবাদিক ভূঞাই এক বিবৃতিত কয়,‘ ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰমূল্যেবোধত বিশ্বাসী আৰু জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে মোৰ নাম চৰ্চিত হোৱাত মই সন্মানিত অনুভৱ কৰিছো। যদি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া সন্মানসহকাৰে গ্ৰহণ কৰিম’।উল্লেখ্য যে নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদ প্ৰবল হোৱাৰ সময়তে ভূঞাই সক্ৰিয় সাংবাদিকতাৰ পৰা অব্যাহতি লয়। তেওঁ তিনি দশক পূৰ্বে সাংবাদিকতা আৰম্ভ কৰিছিল।পৰৱৰ্তী সময়ত চৰকাৰৰ ৰোষত পৰি তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল।

আনহাতে, সাংবাদিকা ভূঞালৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সমৰ্থন আগবঢ়াব বুলি চৰ্চা হৈছে। লক্ষ্যণীয়ভাবে ভূঞাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থনত ৰাজ্যসভাৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা বুলি মন্তব্য কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। ইয়াক দুৰ্ভাগ্যজনক আখ্যা দি এক বিবৃতিত হাজৰিকাই কয়, ‘ তেওঁ (সাংবাদিক ভূঞা) নিজকে অসমৰ জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোহে আটাইতকৈ দুৰ্ভাগ্যজনক । তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থন লৈহে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু প্ৰশ্ন হ’ল যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ'ল?" আজি অসমৰ ১১৫ টা জাতি-জনগোষ্ঠীৰসমূহেই বাংলাদেশীৰ হাতত সংখ্যালঘু হবলৈ গৈ আছে, আৰু এইয়া হৈছে কেৱল জাতীয়তাবাদৰ নামত কৰা সুবিধাবাদ আৰু স্বাৰ্থপৰ ৰাজনীতিৰ বাবে। এইটো নহয় যে এই বাংলাদেশী মুছলমানসকলক জাতীয় শক্তিসমূহে আঁকোৱালি ল’ব। এইটো কোনো কাৰণতে মানি ল’ব নোৱাৰে আৰু গ্ৰহণযোগ্যও নহয়’।

অন্য খবৰৰ বাবে পঢ়কঃ আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ৯ গৰাকীৰ মনোনয়ন পত্ৰ সংগ্ৰহ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Motorcyclist dies in road accident in Lumding

Next Story
চাকৰি