Begin typing your search above and press return to search.

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ৯ গৰাকীৰ মনোনয়ন পত্ৰ সংগ্ৰহ

আগন্তুক  ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ৯ গৰাকীৰ মনোনয়ন পত্ৰ সংগ্ৰহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 9:51 AM GMT

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ৯ গৰাকীৰ মনোনয়ন পত্ৰ সংগ্ৰহ

ৰাজ্যসভাৰ তিনিখন আসনৰ আগন্তুক নিৰ্বাচনকলৈ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ মাজত ব্যস্ততা আৰম্ভ হৈছে।

অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব লগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰিটাৰ্ণিং বিষয়াৰ পৰা ৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। মঙ্গলবাৰে বিজেপিৰ ভূৱনেশ্বৰ কলিতা , সত্যেন্দ্ৰ প্ৰসাদ ডেকা, সুভাস দত্ত আৰু আব্দুল ৰেজেকে মনোনয়নপত্ৰ সমূহ সংগ্ৰহ কৰে। তাৰ পূৰ্বে অজিত কুমাৰ ভূঞা, বিশ্বজিৎ দৈমাৰী, কাজি নেকিব আহমেদ, চাপাত্তোণ বেগম আৰু মৈয়েত্ৰী শৰ্মাই মনোনয়নপত্ৰ সংগ্ৰহ কৰে। দৈমাৰীয়ে ৰিটাৰ্ণিং বিষয়াক জনাইছে যে তেওঁ মনোনয়ন পত্ৰ বুধবাৰে দাখিল কৰিব ।

মনোনয়ন পত্ৰ দাখিল কৰাৰ শেষ তাৰিখ অহা ১৩ মাৰ্চ । ২৬ মাৰ্চৰ নিৰ্বাচন পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ চলিব । তদুপৰি দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা ১৬ মাৰ্চত হ'ব আৰু প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৮ মাৰ্চ ।

বৰ্তমানে ১২৪ জন বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদান কৰিব পাৰিব ৷ বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ তথা শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈ আৰু তেজপুৰৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুৰ পিছত বিধানসভাৰ দুখন আসন খালী আছে। আনহাতে, সম্প্ৰতি বিজেপিৰ ৬০ জন বিধায়ক, কংগ্ৰেছৰ ২৩ জন বিধায়ক, অগপ আৰু এ আই ইউ ডি এফৰ ১৪ জনকৈ , ১২ জন বি পি এফৰ আৰু ১ জন নিৰ্দলীয়। যদি ২৬ মাৰ্চত হ'ব লগীয়া নিৰ্বাচনত ১২৬ জন বিধায়কে ভোট দান কৰে তেন্তে প্ৰাৰ্থীক জয়ৰ বাবে ৩২ টা ভোটৰ প্ৰয়োজন হ'ব ।

বিশ্বজিৎ দৈমাৰী, ভূৱনেশ্বৰ কলিতা, আৰু সঞ্জয় সিঙৰ আসন খালী হোৱাৰ পিছত ৰাজ্যসভাৰ নিৰ্বাচনৰ আৱশ্যক হৈছে।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পদক্ষেপ গ্ৰহণ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Minor girl drowns in Kopili River in Nagaon’s Kampur

Next Story
চাকৰি