Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পদক্ষেপ গ্ৰহণ

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পদক্ষেপ গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 6:15 AM GMT

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পদক্ষেপ গ্ৰহণ । বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে চীনৰ পৰা প্ৰাদুৰ্ভাৱ ঘটা কোৰোনা ভাইৰাছে । বিশ্বৰ প্ৰায় ১২ খনকৈ দেশত সংক্ৰামিত হৈছে এই মাৰাত্মক ভাইৰাছ । বিশ্বজুৰি ক’ৰ’না ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই ৰেলযাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

এই সজাগতা অনুষ্ঠানৰ উপৰি উত্তৰ-পূব সীমান্ত ৰেলৱেই বিভিন্ন ৰেল ষ্টেচনত হেল্পলাইন নম্বৰ আৰু ৰোগীক চিকিত্সাৰ বাবে কেতবোৰ চিকিৎসালয়ৰ চিকিৎসকৰ ব্যৱস্থা কৰিছে ।

এই চিকিৎসালয়সমূহৰ ভিতৰত আছে চেন্ট্ৰেল হাস্পতাল মালিগাঁও, নিউ বঙাইগাঁও হাস্পতাল, আলিপুৰদুৱাৰ হাস্পতাল, নিউ জলপাইগুৰি হাস্পতাল লামডিং হাস্পতাল, কাতিহাৰ হাস্পতাল, ডিব্ৰুগড় হাস্পতাল আৰু নিউ তিনিচুকীয়া হাস্পতাল ।

তদুপৰি উত্তৰ-পূব ৰেলৱেই কিছুসংখ্যক প্ৰধান প্ৰধান ষ্টেচন যেনে গুৱাহাটী ৰেলৱে ষ্টেচন, নিউ জলপাইগুৰি ষ্টেচন আদিত চিকিৎসকৰ দল নিয়োগ কৰিছে যাতে সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সচেতন কৰিব পাৰে।

উত্তৰ-পূব সীমান্ত ৰেলৱেই কিছুমান পৃথক পৃথক চিকিৎসালয়ত প্ৰায় ১,০০১ খন বিচনাৰ লগত আইশ্বোলেছন তথা ৱাৰ্ডৰ ব্যৱস্থা কৰিছে।

গুৱাহাটী ৰেলৱে ষ্টেচনৰ এটি চিকিৎসকৰ দলে সংবাদ মাধ্যমৰ আগত কয় যে ৰেলৱেৰ দলটোৱে এন আৰ এইচ এম ( ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন)ৰ সৈতে যাত্ৰীসকলক ভ্ৰমণৰ সময়ত নিজকে সুৰক্ষিত ৰাখিবৰ বাবে বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰিছে।

ইপিনে, চিকিৎসকৰ দলটোৱে জনায় যে কোনো লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ লক্ষণে দেখা দিলে তেওঁলোকক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল অথবা মালিগাঁও চিকিৎসালয়ত স্থানান্তৰিত কৰিবলৈ তেওঁলোকক কৰ্তৃপক্ষই নিৰ্দেশ দিছে । ইতিমধ্যে অনৰুপ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যৰ বিমান বন্দৰসমূহতো। উল্লেখ্য যে ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ দ্ভাৰা ৪১জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। ইপিনে, কিছুদিন পূ্ৰ্বে অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱা এজন মাৰ্কিন পৰ্যটকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি আতংকৰ সৃষ্টি হয়। এই পৰ্যটকজনে ভূটানলৈ উৰা মৰাৰ পূৰ্বে যোৰহাট আৰু মাজুলী ভ্ৰমণ কৰিছিল। পাছত তেওঁ মাজুলীৰ পৰা এখন বিলাসী নৌকাৰে গুৱাহাটীত উপস্থিত হয়।এই স্থানসমূহত তেওঁৰ সংস্পৰ্শলৈ অহা চাৰি শতাধিক লোকক স্বাস্থ্য বিভাগে আছুতীয়াকৈ ৰাখি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। তদুপৰি একাধিক লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহঃ তেজপুৰত ইটালীৰ পৰ্যটকক নিৰীক্ষণৰ ব্যৱস্থা

ভিডিঅ প্ৰতক্ষ্য কৰকঃDoul Govinda Temple agog as Holi begins

Next Story
চাকৰি