Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহঃ তেজপুৰত ইটালীৰ পৰ্যটকক নিৰীক্ষণৰ ব্যৱস্থা

ক’ৰ’না  ভাইৰাছত আক্ৰান্তৰ সন্দেহঃ তেজপুৰত ইটালীৰ পৰ্যটকক নিৰীক্ষণৰ ব্যৱস্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2020 1:57 PM GMT

অসম ভ্ৰমণৰ পাছত ভূটান ভ্ৰমণলৈ যোৱা এজন মাৰ্কিন পৰ্যটক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰিয়ে ৰাজ্যত আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে তেজপুৰত এজন ইটালীৰ পৰ্যটক এই জটিল ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। যোৱা ছয় ফেব্ৰুৱাৰীৰ পৰা এই পৰ্যটকজনক হোটেলৰ কক্ষত অকলশৰীয়াকৈ আৰক্ষী ৰাখি স্বাস্থ্য পৰীক্ষা আৰু নিৰীক্ষণ কৰি থকা হৈছে। এই কথা সদৰী কৰি স্বাস্থ্য বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, পৰ্যটকজনৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা কৰা হৈছে যদিও তেওঁৰ দেহত সাধাৰণতে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ ক্ষেত্ৰত দেখা দিয়া সকলো লক্ষণ ফুটি উঠা নাই। তত্সত্বেও সাৱদানতামূলক ব্যৱস্থাৰ অংশৰূপে বিদেশী পৰ্যটকজনৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিষয়াজনে সদৰী কৰে।উ্ল্লেখ্য যে বিশ্বৰ কে’বাখনো দেশৰ লগতে ইটালীৰ বহু লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।কিছুদিন পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা ইটালীৰ এটা ১৬ জনীয়া পৰ্যটক দলৰ কে’বাজনো এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰে এজন লোক ৰাজস্থানৰ জয়পুৰৰ এছ এম এছ হাস্পতালত চিকিত্সাধীন হৈ আছে। আনহাতে, অসম ভ্ৰমণৰ পাছত ভূটান ভ্ৰমণ কৰিবলৈ যাওঁতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা মাৰ্কিন পৰ্যটকজন সন্দৰ্ভত ভূটানৰ প্ৰধানমন্ত্ৰী লটে ছেৰিঙে কয় যে এই পৰ্যটকজনে যোৱা পাঁচ মাৰ্চত ভূটানত উপস্থিত হয়। তেওঁৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰা বুলি প্ৰধানমন্ত্ৰী ছেৰিঙে নিশ্চিতি দিছে। ৫৮ বছৰীয়া এই পৰ্যটকজনে যোৱা ১৮ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডি চিৰ পৰা ভাৰত অভিমুখে উৰা মাৰে। পাছত কলকাতাৰ পৰা অসমলৈ আহিছিল। যোৱা পাঁচ মাৰ্চত তেওঁ গুৱাহাটীৰ পৰা ভূটানলৈ যায়। তাত তেওঁ বিভিন্ন স্থান ভ্ৰমণ কৰে। তদুপৰি থিম্ফু, পাৰো আৰু পুনাখাৰ বহু স্কুলো দৰ্শন কৰে।ইয়াকে লৈ এই অঞ্চলসমূহত সম্প্ৰতি আতংকৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালভাবে অসমতো এই খবৰে আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে ক’ৰ’না ভাইৰাছক লৈ আতংকিত নহ’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। সতৰ্কতামূলক ব্যৱস্থাৰ অংশৰূপে বৰ্তমানলৈ ৰাজ্যৰ বিমানকোঠসমূহত ৫৮৫জন যাত্ৰীৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। ৰাজ্য চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ সদৰী কৰি কয় যে দেওবাৰৰ পৰা ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয় হাস্পতালতো এই ৰোগৰ পৰীক্ষা কৰা হ’ব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছক লৈ যোৰহাট-মাজুলীত তীব্ৰ আতংক, শংকিত নহ’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: State Health Department is prepared to counter novel coronavirus

Next Story
চাকৰি