ক’ৰ’না ভাইৰাছক লৈ যোৰহাট-মাজুলীত তীব্ৰ আতংক, শংকিত নহ’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

ক’ৰ’না  ভাইৰাছক লৈ যোৰহাট-মাজুলীত তীব্ৰ আতংক, শংকিত নহ’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

অসম ভ্ৰমণৰ পাছত ভূটান ভ্ৰমণলৈ যোৱা এজন মাৰ্কিন পৰ্যটক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰিয়ে যোৰহাট আৰু মাজুলী জিলাত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ তথ্য অনুসৰি এই পৰ্যটকজন যোৱা ২২ ফেব্ৰুৱাৰীত কলকতাৰ পৰা আহি যোৰহাটত উপস্থিত হয়। পাছত তেওঁ সত্ৰ দৰ্শনৰ উদ্দেশ্য মাজুলীলৈ যাত্ৰা কৰে। ইয়াৰ পূৰ্বে যোৰহাটত তেওঁ ঠেঙাল ৰিজ’ৰ্টত দুদিন আছিল। মাজুলীত তেওঁ উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন আৰু ভাওনা উপভোগ কৰে। পাছত গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰে বিলাসী নাৱেৰে আহি ভূটানলৈ উৰা মাৰে। ভূটানত অসুস্থ হৈ পৰাত তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই খবৰ বিয়পি পৰাৰ পাছতে যোৰহাট আৰু মাজুলীত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

দুয়োখন জিলাত ইতিমধ্যে কঠোৰ স্বাস্থ্য সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে। ইতিমধ্যে নিমাতীঘাটকে ধৰি দুঠাইত স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰিছে স্বাস্থ্য বিভাগে। তদুপৰি সতৰ্কতামূলক ব্যৱস্থাৰ অংশৰূপে আৰক্ষীয়ে পৰ্যটকজনে যোৰহাট আৰু মাজুলীত যিসমূহ গাড়ী ভাড়াত লৈ ফুৰা-চকা কৰিছিল, সেই গাড়ীসমূহৰ চালকৰ সন্ধান কৰি আছে। ইতিমধ্যে তেওঁ আশ্ৰয় লোৱা ঠেঙাল ৰিজ’ৰ্টৰ সকলো কৰ্মচাৰীক অকলশৰীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। আনহাতে, ক’ৰ’না ভাইৰাছক লৈ আতংকিত নহ’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। শনিবাৰে গুৱাহাটীত এখন সংবাদ মেলত মন্ত্ৰীজনে কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।এই ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশৰূপে ৰাজ্যৰ সকলো বিমানকোঠত বাহিৰৰ পৰা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী হাজৰিকাই সদৰী কৰে। বৰ্তমানলৈ ৰাজ্যৰ বিমানকোঠত ৫৮৫জন যাত্ৰীৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

সংবাদ মেলত মন্ত্ৰীজনে লগতে কয় যে কোনো লোকেই আতংকিত হোৱাৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ সদৰী কৰে। দেওবাৰৰ পৰা ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয় হাস্পতালতো এই ৰোগৰ পৰীক্ষা কৰা হ’ব বুলি মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰে। ইপিনে, সংবাদ মেলত স্বাস্থ্য বিভাগৰ এজন বিষয়াই সংবাদমেলত কয় যে ক’ৰ’না ভাইৰাছত সমগ্ৰ বিশ্বজুৰি প্ৰায় এক লাখ আক্ৰান্ত হৈছে। অসমৰ কোনো লোক আক্ৰান্ত হোৱা নাই বুলি দাবী কৰি বিষয়াজনে কয়,“ ভাৰতত ইশ্বৰৰ কৃপাত এজনো লোকৰ মৃত্যু হোৱা নাই”। শেহতীয়া তথ্য অনুসৰি ভাৰতত ২৮জন লোক এই জটিল ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fully grown male elephant dies in Keroni Forest Range Office due to bad health

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com