Begin typing your search above and press return to search.

মোদীৰ চী ইনস্পায়াৰ আজ অভিযানত অংশ নলয় মণিপুৰৰ শিশু পৰিৱেশকৰ্মীয়ে

মোদীৰ চী ইনস্পায়াৰ আজ অভিযানত অংশ নলয় মণিপুৰৰ শিশু পৰিৱেশকৰ্মীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2020 11:12 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যাপক প্ৰচাৰিত চী ইনস্পায়াৰ আজ অভিযানত অংশ নলয় মণিপুৰৰ শিশু পৰিৱেশ কৰ্মী লিচীপ্ৰিয়া কংগুজামে। এই কথা এটা টুইটত প্ৰকাশ কৰিছে আঠ বছৰীয়া লিচীপ্ৰিয়াই।পৰিৱেশ ৰক্ষাৰ বাবে চৰকাৰে কৰা কাম-কাজক লৈ সন্তুষ্ট নোহোৱাত কণমানি পৰিৱেশ কৰ্মীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিৱেশ ৰক্ষাৰ বাবে চৰকাৰক কাম কৰিবলৈ দাবী জনাই লিচীপ্ৰিয়াই টুইটাৰত প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি কয়, “ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যদি আপোনালোকে মোৰ কথা নুশুনে তেন্তে মোৰ কাম-কাজক লৈ গৌৰৱ নকৰিব। আপোনাৰ চী ইনস্পায়াৰ আজ অভিযানলৈ মোক বাছনি কৰি স্থান দিয়াৰ বাবে ধন্যবাদ জনাইছো। কিন্তু মই এই সন্মানৰ প্ৰস্তাৱ নাকচৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”।

https://twitter.com/LicypriyaK/status/1235921597552189442?ref_src=twsrc^google|twcamp^serp|twgr^tweet

উল্লেখ্য যে পৰিৱেশ ৰক্ষাৰ অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰা লিচীপ্ৰিয়াক যোৱা বছৰ ডঃ এ পি জে আব্দুল কালাম শিশু বঁটা প্ৰদান কৰা হয়। মাথোঁ আঠ বছৰ বয়সতে শিশুটিয়ে কমেও ৫১ হেজাৰ গছপুলি ৰোপন কৰি অভিলেখ সৃষ্টি কৰিছে।সম্প্ৰতি তেওঁৰ বয়স আঠ বছৰ চাৰি মাহ এদিন। শিশুটিৰ এই ব্যতিক্ৰমী কৰ্মই ব্যাপক প্ৰচাৰ আৰু চৰ্চা লাভ কৰিছে। ইপিনে, একপ্ৰকাৰ চেলিব্ৰেটীৰ শাৰীলৈ উন্নীত হোৱা বিখ্যাত শিশু পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰূপে নিজকে আখ্যা দিব নিবিচাৰে বুলি মন্তব্য কৰিছে লিচীপ্ৰিয়াই। অলপতে এটা টুইটত তেওঁ কয়,“ মোক ভাৰতৰ গ্ৰেটা থুনবাৰ্গ আখ্যা দিয়াটো নিবিচাৰো। তেওঁৰ লেখীয়াকৈ মই কাম কৰিব পৰা নাই। অৱশ্যে তেওঁ আমাৰ বাবে এক বিমল অনুপ্ৰেৰণা।আমাৰ দুয়োৰে উদ্দেশ্য একে হ’লেও আমি সুকীয়া সুকীয়া ক্ষেত্ৰত কাম কৰিছো। মই এই পৰিৱেশ ৰক্ষাৰ অভিযান ২০১৮তে আৰম্ভ কৰিলো। তেতিয়া গ্ৰেটা এই ক্ষেত্ৰলৈ অহাই নাছিল”।আনহাতে, যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব বুলি আকস্মিকভাৱে টুইটাৰত ঘোষণা কৰি বহুতকে হতভম্ব কৰে। ইয়াকে লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি থকাৰ সময়তে মোদীয়ে প্ৰকাশ কৰে যে জীৱন আৰু কাম-কাজৰ জড়িয়তে অনুপ্ৰাণিত কৰা মহিলাসকললৈ সন্মান জনাই আঠ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা তেওঁ ছ’চিয়েল মিডিয়া ত্যাগ কৰিব।এনে ধৰণৰ মহিলাসকলৰ জীৱন আৰু কৰ্মৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্য তেওঁ চী ইনস্পায়াৰ আজ শীৰ্ষক এক অভিযান কাৰ্যসূচী মুকলি কৰে। লগতে তেওঁ দেশবাসীকো এনেধৰণৰ কথা প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।ইতিমধ্যে এই অভিযানৰ প্ৰতি বহু লোকে ইতিবাচক সঁহাৰি আগবঢ়াইছে।

অন্য খবৰৰ বাবে পঢ়ক: ৰেলৱে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা উত্তৰ পূব সীমান্ত মজদুৰ ইউনিয়নৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fully grown male elephant dies in Keroni Forest Range Office due to bad health

Next Story
চাকৰি