ৰেলৱে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা উত্তৰ পূব সীমান্ত মজদুৰ ইউনিয়নৰ

ৰেলৱে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা উত্তৰ পূব সীমান্ত মজদুৰ ইউনিয়নৰ

ৰেলৱে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা উত্তৰ পূব সীমান্ত মজদুৰ ইউনিয়নৰ

ৰেলৱেৰ ব্যক্তিগতকৰণৰ বিৰোধিতা মজদুৰ ইউনিয়নৰ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ১৫০ খন‌ ৰেল আৰু ৫০ টা ৰেল ষ্টেচনক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে। বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত ৰেলৱেৰ ব্যক্তিকৰণৰ বিৰোধিতা কৰি সৰৱ হৈ উঠে মজদুৰ ইউনিয়ন। সংবাদমেলত মজদুৰ ইউনিয়নৰ নেতৃবৰ্গই কয় যে কেন্দ্ৰ নিজ স্থিতিত অটল থাকিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব। আনকি পৰিস্থিতি ১৯৭৪ৰ দৰে হব বুলি ইউনিয়নে হুংকাৰ দিয়ে।উল্লেখ্য যে উক্ত বছৰ কেন্দ্ৰৰ এক সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰেল কৰ্মচাৰীসকলে একেৰাহে ২০দিনৰ বাবে সমগ্ৰ দেশত ৰেলৰ চলাচল বন্ধ কৰি দিছিল। সংবাদমেলত উত্তৰ-পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই কয় যে কেন্দ্ৰই ব্যক্তিগতকৰণ কৰিবলৈ লোৱা ১৫০টা ৰেলষ্টেচনৰ ভিতৰত গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনো আছে। কিন্তু উত্তৰ পূব ৰেলৱে মজদুৰ ইউনিয়নৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত 'কামাখ্যা ষ্টেচন'ৰ ব্যক্তিগতকৰণৰ কাম স্থগিত ৰখা হৈছে বুলি দাসগুপ্তাই সদৰী কৰে।

উত্তৰ পূব ৰেলৱে মজদুৰ ইউনিয়নে ৰেল আৰু ষ্টেচনসমূহৰ ব্যক্তিগতকৰণৰ কেন্দ্ৰৰ‌ সিদ্ধান্তৰ বিৰোধিতা কৰে। তেওঁলোকে শপত লয় যে যদিহে ৰাজহুৱা সম্পত্তিসমূহ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্তত চৰকাৰ অটল থাকে তেন্তে চৰকাৰে ১৯৭৪ চনৰ ঘটনাৰ পুনৰাবৃত্তিৰ বাবে সাজু হোৱা উচিত বুলি সকিয়নি প্ৰদান কৰে ।

ইউনিয়নে সকলো ৰেল কৰ্মচাৰীলৈ আহ্বান জনায় যে তেওঁলোকে যাতে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু থাকে। তদুপৰি ইউনিয়নে বৃহস্পতিবাৰে এন এফ ৰেলৱৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ব্যক্তিগতকৰণ নীতি আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ বিৰোধিতা কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

তদুপৰি সংগঠনটোৱে বিৰোধিতা কৰে শ্ৰম আইনৰ সংশোধনী কাৰ্যক । ইয়াৰ দ্বাৰা শ্ৰমিকৰ মজুৰি ধাৰ্য কৰা হৈছে ১৭৬ টকা । এয়া ১৯৪৮ চনৰ ন্যূনতম মজুৰি আইনৰ বিৰোধী বুলি কয়।

উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখেল দাস গুপ্তাই কয় যে ভাৰতীয় ৰেল পৰিবহন ব্যৱস্থা দেশৰ পৰিবহনৰ সকলোতকৈ কম খৰচী পৰিবহন ব্যৱস্থা।

তেওঁ কয় যে ভাৰত চৰকাৰ আৰু ৰেল মন্ত্ৰালয়ে ইতিমধ্যে তিনিখন ট্ৰেইন আই আৰ চি টি চিৰ হাতত অৰ্পণ কৰিছে । আনকি এই তিনিখন ট্ৰেইনৰ দাম ভাৰতীয় ৰেলৰ তুলনাত ৫০% বেছি।

ভিডিঅ প্ৰতক্ষ্য কৰক: Coal laden truck overturns at Tinsukia-Makum bypass road, Driver injured

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com