Begin typing your search above and press return to search.

বাজেট অধিবেশন ,দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট

বাজেট অধিবেশন ,দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2020 6:38 AM GMT

বাজেট অধিবেশন ,দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট

অসম বিধানসভাৰ চলিত বাজেট অধিবেশন আৰম্ভ হোৱাৰ দিনাৰ পৰাই আব্যাহত আছে বিভিন্ন দল‌-সংগঠনৰ প্ৰতিবাদ । অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে পাঁচটা সংগঠনে বিভিন্ন দাবীৰ সমৰ্থনত দিছপুৰ লাষ্টগেটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠন কেইটাই বিভিন্ন শ্ল'গান, হাতত প্লে কাৰ্ড লৈ বিভোক্ষ প্ৰদৰ্শন কৰে

বিভিন্ন দাবী উত্থাপন কৰি সদৌ তিৱা ছাত্ৰ সন্থা, চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছৰ অসম ৰাজ্যিক সমিতি, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা, সদৌ অসম স্বাস্থ্য কেন্দ্ৰৰ ফিমেইল এটেণ্ডেন্টছ এছ'চিয়েচন আৰু অনুসূচিত জাতি অধিকাৰ মঞ্চই উত্তাল কৰি তোলে দিছপুৰ লাষ্টগেট।

চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছ(চি আই টি ইউ) অসমৰ ৰাজ্যিক সমিতি য়ে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক আৰু উদ্যোগ বিৰোধী নীতিৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দিছপুৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদস্থলীতে অনুসূচিত জাতি অধিকাৰ মঞ্চ, অসমে অনুসূচিত জাতিৰ লোকসকলৰ সমবিকাশ সুনিশ্চিত কৰাৰ বাবে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি সংগঠনটোৱে ৰাজ্যিক বাজেটত জনসংখ্যা অনুপাতে অনুসূচিত জাতিৰ লোকৰ বাবে বিভিন্ন শিতানত ধন ধাৰ্য কৰাকে ধৰি চৈধ্য দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থাই। লগতে সন্থাই জনজাতি খণ্ড আৰু আৱেষ্টনীৰ ভূমি বেদখল কৰাৰ দাবীও উত্থাপন কৰে ।

ইপিনে, বকেয়া আদায়, পুনৰ চাকৰিত মকৰল কৰাকে ধৰি আন কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম স্বাস্থ্য কেন্দ্ৰৰ ফিমেইল এটেণ্ডেন্টছ এছ'চিয়েচনে। লগতে সংস্থাই ১৯৯১ চনৰ পৰা ২০১০ চনলৈ ন্যূনতম মজুৰি প্ৰদান কৰাৰো দাবী জনায়।

আনহাতে, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কেইবাশ কৰ্মচাৰীয়ে তেওঁলোকৰ মজুৰি প্ৰতিমাহে ১০০০ টকাৰ পৰা ৫০০০ টকা প্ৰতিমাহলৈ বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি তেওঁলোকে সকলো ৰন্ধন কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰা , দহ মাহৰ পৰিৱৰ্তে ১২ মাহৰ মাননিৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি ধ্বনি দি উত্তাল কৰি তোলে দিছপুৰ লাষ্টগেটৰ পৰিৱেশ।

অন্য খবৰৰ বাবে পঢ়ক: ফে’চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক জামিন

ভিডিঅ প্ৰতক্ষ্য কৰক: Coal laden truck overturns at Tinsukia-Makum bypass road, Driver injured

Next Story
চাকৰি