Begin typing your search above and press return to search.

 ফে’চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক জামিন

 ফে’চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক জামিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 1:05 PM GMT

ফে’চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক জামিন

কিছুদিন পূৰ্বে ফে’চবুকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিন্দু ধৰ্ম সম্পৰ্কত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাছাৰৰ শিলচৰৰ গুৰুচৰণ কলেজৰ অতিথি অধ্যাপক সৌৰদীপ সেনগুপ্তাৰ জামিন মঞ্জুৰ হৈছে।উক্ত কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক সেনগুপ্তাক একাংশ ছাত্ৰৰ অভিযোগৰ ভিত্তিত যোৱা শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অৱশেষত শিলচৰৰ এখন আদালতে তেওঁক জামিন প্ৰদান কৰিছে। অভিযোগ অনুসৰি ২৫ বছৰীয়া সেনগুপ্তাই যোৱা সপ্তাহত দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৱলী সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাঙুৰি আপত্তিজনক মন্তব্য কৰে। বিজেপিয়ে দিল্লীত ২০০২ৰ গুজৰাট গোষ্ঠী সংঘৰ্ষৰ পুনৰাবৃত্তি ঘটাব বিচৰা বুলি তেওঁ এই ফে’চবুক প’ষ্টত উল্লেখ কৰে। লগে লগে একাংশ ফে’চবুক ব্যৱহাৰকাৰীয়ে তেওঁক উভতি ধৰি বাক্যবাণ এৰে। তেতিয়া তেওঁ বিতৰ্কিত প’ষ্টটো ডিলিট কৰে।

তদুপৰি পাছত তেওঁ প’ষ্টটোৰ বাবে ক্ষমা বিচাৰি ফে’চবুক লাইভো দিয়ে।তত্সত্বেও তেওঁৰ বিৰুদ্ধে গুৰুচৰণ কলেজৰ একাংশ ছাত্ৰই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ছাত্ৰসকলে অভিযোগ কৰা অনুসৰি এই বিতৰ্কিত ফে’চবুক প’ষ্টৰ জড়িয়তে অধ্যাপক সেনগুপ্তাই প্ৰধানমন্ত্ৰী মোদীকে নহয়, সমগ্ৰ হিন্দু ধৰ্মাৱলম্বী লোকক অপমান কৰিছে। ছাত্ৰসকলে দাখিল কৰা এই এজাহাৰৰ ভিত্তিত ৰুজু কৰা গোচৰত যোৱা শুকুৰবাৰে আৰক্ষীয়ে অধ্যাপকজনক গ্ৰেপ্তাৰ কৰে। আনহাতে, অধ্যাপকজনক গ্ৰেপ্তাৰ কৰা দিনা জয়শ্ৰীৰাম ধ্বনি দিয়া এটা লোকৰ দলে তেওঁৰ বাসগৃহত উদ্ভণ্ডালি কৰি অধ্যাপকজনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যক উচ্চ-বাচ্য কৰে। পাছত এই কথা সদৰী কৰি সেনগুপ্তাৰ এগৰাকী আত্মীয়ই সাংবাদিকক কয়,” তেওঁলোক(উত্তেজিত জনতাৰ দলটো)-এ আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আমাক উচ্চ-বাচ্য কৰে। আমাৰ প’ৰ্টিক’ত কিয় দেৱ-দেৱীৰ ফটো ৰখা নাই বুলিও প্ৰশ্ন কৰি আমাক ব্যতিব্যস্ত কৰে। তেওঁলোকে আমাক উদ্দেশ্যি ক্ষোভেৰে কয়, “ ঘৰত দেৱ-দেৱীৰ ফটো নৰখা আপোনালোক কিহৰ হিন্দুহে?” উত্তেজিত লোকসকলৰ মুখত এনে উচ্চ-বাচ্য শুনি পৰিয়ালটো হতবাক হৈ পৰে।

সেনগুপ্তাৰ আত্মীয়গৰাকীয়ে লগতে কয় যে উত্তেজিত লোকসকলে জয়শ্ৰী ৰাম ধ্বনি দি আছিল। উল্লেখ্য যে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী) আইনৰ একাংশ প্ৰতিবাদকাৰী আৰু এই আইনৰ একাংশ সমৰ্থনকাৰীৰ মাজত উত্তৰ-পূব দিল্লীত একেৰাহে চাৰিদিন ধৰি হোৱা সংঘৰ্ষত কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱায়। মৃতসকলৰ মাজত এজন আৰক্ষী বিষয়া, এজন কনিষ্টবল আৰু এজন চোৰাংচোৱা বিষয়াও আছে। আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে ফে’চবুক, টুইটাৰকে ধৰি সকলো ছ’চ্ছেল মিডিয়া ত্যাগৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে। যোৱা সোমবাৰে আকস্মিকভাবে মোদীয়ে বহুতকে হতভম্ব কৰি এই কথা ঘোষণা কৰে।

অন্য খবৰৰ বাবে পঢ়ক: গো-মূত্ৰ, গোবৰে ক’ৰ’নাভাইৰাছ আক্ৰান্তক আৰোগ্য কৰেঃ বিধায়িকা হৰিপ্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: Sangrami Oikya Manch staged 24 hour sit-in demonstration against CAA 2019 in Nagaon’s Kampur

Next Story
চাকৰি