ৰাজ্যিক বাতৰি

কাৰ্বি আংলংত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী দল সংগঠনৰ

Sentinel Digital Desk

কাৰ্বি আংলংত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী দল সংগঠনৰ। কাৰ্বি আংলং ৰ ছাত্ৰ আৰু যুৱ সংগঠনে কাৰ্বি আংলং স্বায়ত্ব পৰিষদক বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী কৰে। সংগঠনটোৱে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং ৰ স্হানীয় লোক সকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী কৰে কাৰ্বি আংলং স্বায়ত্ব পৰিষদক ।

ৰংথে আঙৰ কাৰ্বি ছাত্ৰ সংঘ ( karbi student association ) ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যৌথ সন্মিলনত কাৰ্বি ছাত্ৰ সংঘৰ সভাপতি চিমন ৰংপাহাৰে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ চি ই এম তুলিৰাম ৰঙহাঙক লগ ধৰি অতি শীঘ্ৰেই বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে ।

বুধবাৰে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য ( chief executive member ) তুলিৰাম ৰঙহাঙক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে বিভিন্ন ছাত্ৰ, যুৱ আৰু মহিলা সংগঠনৰ লোক সকলে । সংগঠন সমূহে অতি কঠোৰ ভাৱে দাবী কৰে যে কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং ৰ স্হানীয় লোক সকলৰ বাবে বিশেষ টেট পৰীক্ষা ব্যৱস্থা কৰিব লাগে কাৰ্বি আংলং স্বায়ত্ব পৰিষদে ।

তাৰোপৰি ৰঙপাহাৰে কয় যে কাৰ্বি ছাত্ৰ সংঘৰ লগতে আন বহুতো সংগঠনে ও বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী কৰে।২৬ তাৰিখে অনুষ্ঠিত হোৱা এক সভাত মুখ্য কাৰ্যকৰী সদস্য তুলিৰাম ৰঙহাঙে সকলো নেতা , কাৰ্বি ছাত্ৰ সংঘ , আৰু আন ছাত্ৰ, যুৱ , আৰু মহিলা সংগঠন সমূহক আশ্বাস দি কয় যে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে দিল্লীত মানৱ সম্পদ মন্ত্ৰীক সাক্ষাৎ কৰিব ।

তাৰোপৰি ৰঙপাহাৰে কয় যে যদিহে ১৫ অক্টোবৰৰ আগত কাৰ্বি আংলং স্বায়ত্ব পৰিষদে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা অসফল হয় তেতিয়া হ'লে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Cleanliness Drive by Lumding Police under ‘Swachh Bharat Abhiyan Week’