এজন আৰক্ষীৰ সামাজিক দায়বদ্ধতাই চুই গৈছে দেশ বাসীৰ হৃদয়: ভিডিঅ’ চাওক

এজন আৰক্ষীৰ সামাজিক দায়বদ্ধতাই চুই গৈছে দেশ বাসীৰ হৃদয়: ভিডিঅ’ চাওক

এজন আৰক্ষীৰ সামাজিক দায়বদ্ধতাই চুই গৈছে দেশ বাসীৰ হৃদয় ৷ আমি সততে টুইটাৰৰ জৰিয়তে বহু নজনা কথা জানিবলৈ পোৱাৰ লগতে বহু তথ্যও জানিবলৈ পাওঁ ৷ সদ্যহতে এটা ভিডিঅ’ সৰ্বত্ৰে বিয়পি পৰিছে যাৰ কাৰণে বিশেষকৈ কৰ্নাটক আৰক্ষীক ধন্যবাদ দিব লাগিব ৷ ইতিমধ্যে ইন্টাৰনেটত বিয়পি পৰা ভিডিঅ’টি হৈছে কৰ্নাটকৰ বেলগামৰ ৷ ভিডিঅ’টিৰ কেপশ্যনত লিখা আছে যে কিছুমান আৰক্ষী আমাৰ সমাজৰ কাৰণে আদৰ্শ স্বৰূপ,তেওঁলোক সন্মানৰ যোগ্য ৷

৪৩ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে অঞ্চলটোৰ এটি পথত জমা হোৱা পানী আঁতৰ কৰিবৰ কাৰণে পথটি ছাফা কৰিছে এজন আৰক্ষীয়ে ৷ গুৰুত্ব পূৰ্ণ কথাটো এয়ে যে সদা ব্যস্ত পথটোত অকলেই আৰক্ষী বিষয়াজনে কাম কৰি আছে ৷ যাতে পথটোৰ পৰা অতিৰিক্ত পানীসমূহ আঁতৰি যায় ৷ আৰু আৰক্ষী বিষয়াজনৰ সামাজিকতা দায়বদ্ধতাক সকলোৱে আদৰি লৈছে৷

Video Credits: Akki (Twitter)

https://twitter.com/AkshayVandure1/status/1177182634687942656

পথৰ পৰা পানীসমূহ আঁতৰ কৰিবৰ কাৰণে আৰক্ষীজনে এখন কোৰৰ ব্যৱহাৰ কৰিছে।ভিডিঅ’টোয়ে প্ৰতিপন্ন কৰিছে যে নিজৰ চহৰখন সুন্দৰকৈ ৰাখিবৰ কাৰণে আৰক্ষী বিষয়াজনৰ কোনো অসুবিধা নাই ৷ সাধাৰণতে আৰক্ষী বিষয়াজনৰ পথ ছাফা কৰি ৰখা দায়িত্ব নহয় ৷কিন্তু এগৰাকী জনসাধাৰণৰ নেতা হিছাপে আৰক্ষী বিষয়া জনৰ কাৰ্যই সকলোকে আপ্লুত কৰিছে ৷

ইফালে এই ভিডিঅ’টোক আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়াসকলে শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে এইয়া আৰক্ষীৰ কাম নহয়। কিন্তু তেওঁ কৰিছে ৷ আৰক্ষীৰ বিভিন্ন ৰং দেখা যায় ৷ ভাল,বেয়া সকলো ৷ গতিকে আৰক্ষী বিষয়া জনৰ এই পদক্ষেপ যথেষ্ঠ উল্লেখ্য ৷ আনহাতে আৰক্ষীৰ বিভিন্ন বিষয়াসকলৰ উপৰিও অন্যান্য লোকসকলেও টুইটাৰ যোগে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷

এজনে লিখিছে যিকোনো ক্ষেত্ৰত সামাজিক দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ ৷ আৰক্ষীজনে নিস্বাৰ্থভাৱে সামাজিক দায়িত্ব পালন কৰিছে। এনেধৰণৰ আৰক্ষী প্ৰতিজন ভাৰতীয়ই বিছাৰে ৷ আৰক্ষীজনলৈ প্ৰণাম। উল্লেখ্য যে সততে আৰক্ষীসকলৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন স্থিতিয়ে সততে প্ৰশ্নৰ সন্মুখীন হৈ আহিছে ৷ আৰু কিছু সময়ত জনসাধাৰণক আৰক্ষীসকলৰ কৰ্মই ব্যতিব্যস্ত কৰিলেও কিছু সময়ত তেওঁলোকৰ কৰ্মৰ পৰাই আমি প্ৰেৰণা তথা শিক্ষা পাও ৷ গতিকে কনাৰ্টকৰ এই আৰক্ষীজনৰ দৰে বিভিন্ন সময়ত সামাজিক কামত অগ্ৰসৰ হোৱা লোক আমাৰ সমাজত আমি সকলোৱে বিছাৰোঁ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com