Begin typing your search above and press return to search.

এটা ভাইৰেল ভিডিঅ', য'ত এডাল সাপক বিৰক্ত কৰিছে এজন যুৱকে ,

এটা ভাইৰেল ভিডিঅ, যত এডাল সাপক বিৰক্ত কৰিছে এজন যুৱকে ,

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 1:35 PM GMT

এটা ভাইৰেল ভিডিঅ', য'ত এডাল সাপক বিৰক্ত কৰিছে এজন যুৱকে । অনলাইন যোগে প্ৰচাৰ হোৱা এটা ভিডিঅ' য'ত এজন যুৱকে এডাল সাপৰ সৈতে খেলা খেলিব চেষ্টা কৰা দেখা গৈছে । আজিৰ দিনটোত হয়তো এইটো এটা ভয়ানক আৰু অকল্পিত ঘটনা । ইন্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ'টো য'ত এজন ল'ৰাই এডাল সাপক হাৰাশাস্তি কৰিছে । ভিডিঅ'টোত দেখা পোৱা গৈছে যে লৰা জনে অবিৰত ভাৱে মুৰৰ আগত সাপ এডাল জোঁকাৰি খং উঠাই আছে আৰু কামুৰাৰ বাবে জোকাই আছে ।

তাৰপাছত ও যেতিয়া সাপ ডালে লৰা জনক খুটিব পৰা নাছিল তেতিয়া লৰা জনে মুৰৰ ওপৰত সাপ ডাল ৰখাটো নিৰাপদ বুলি ভাবি মুৰৰ ওপৰত লৈছিল ।কিছুসময় পিছত যেতিয়া লৰা জনে কেৱল মাত্ৰ অলপ সময়ৰ বাবে বেলেগ ফালে ঘূৰিছিল আকস্মিক ভাৱে সাপ ডালে লৰা জনৰ মুৰত কামুৰি ধৰিছিল ।

আনকি ভাইৰেল হোৱা ভিডিঅ'টোত লৰা জনে কেনেদৰে সাপ ডাল আতৰাব চেষ্টা কৰি আছে তাকো দেখা পোৱা গৈছে । কিন্তু এই কাৰ্যত

অসফল হয় ল'ৰা জন ।এই ভয়ানক ভিডিঅ'টো ইন্টাৰনেট যোগে ভাইৰেল হোৱা পিছত বহুতেই ভয় প্ৰকাশ কৰাৰ লগতে আচৰিতো হয় ।

তাৰোপৰি ভিডিঅ'টো দেখা পিছত বহুতেই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায় । কিছুমান লোকে কয় যে সাপক ডালক এনেদৰে অতিষ্ঠ কৰি তোলাৰ পিছত তেওঁ ইয়াৰ যোগ্য ।

অধিক খবৰৰ বাবে পঢ়ক: এগৰাকী মহিলা আৰু এখন স্কুটীয়ে খলকনি তুলিছে ছ’চিয়েল মিডিয়াতঃ জানিবলৈ ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক: Nagaon MP Pradyut Bordoloi holds press conference in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি