ৰাজ্যিক বাতৰি

তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰিবলৈ ইউ জি চিৰ অনমোদন লাভ

Sentinel Digital Desk

তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰিবলৈ ইতিমধ্যে ইউ জি চি ( The University Grants Commission) য়ে ইতিমধ্যে অনুমোদন জনাইছে । তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে বহুতো সমালোচনাৰ সন্মুখীন হৈছিল। তেজপুৰ বিশ্ববিদ্যালয় ঐতিহাসিক অসম চুক্তিৰ ফলাফল ।

ইউ জি চিৰ অনুমোদন লাভ কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ কতৃপক্ষয়ে ইতিমধ্যে পক্ৰিয়া আৰম্ভ কৰিছে । ইতিমধ্যে অসমীয়াৰ লগতে আন তিনিটা বিভাগ মুকলি কৰা হব তেজপুৰ বিশ্ববিদ্যালয়ত। অসমীয়া বিভাগৰ লগতে বিদেশী ভাষা , ফাৰমিচি আৰু ডিজাইন আদি বিভাগ অন্তৰ্ভুক্ত কৰা হব । অনুমোদন লাভৰ পিছতে বিশ্ববিদ্যালয়ৰ কতৃপক্ষয়ে ইতিমধ্যে এই বিভাগ কেইটাৰ কাৰনে মুখ্য পৰিচালক আৰু অধ্যাপক নিয়োগৰ পক্ৰিয়া আৰম্ভ কৰিছে ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত , অসম বিধানসভাত তেজপুৰ বিশ্ববিদ্যালয় ঐতিহাসিক অসম চুক্তিৰ ফলাফল হৈয়ো বিশ্ববিদ্যালয় খনত অসমীয়া বিভাগ নথকাটো অতি দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰে । এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্যয়ে গুৰুত্ব সহকাৰে লৈ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটো প্ৰতিস্থা কৰাৰ কৰা প্ৰকাশ কৰিছিল ।

বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে এই সম্পৰ্কে লোকসভাত উত্থাপন কৰিছিল । কেন্দ্ৰীয় মানৱ সম্পদ বিভাগ মন্ত্ৰী ৰামেশ পখ্ৰিয়াল 'নিছাংক ' কে আব্দুল খালেকৰ এই কথাত প্ৰকাশ কৰে যে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ স্থাপনৰ প্ৰস্তাৱ ইউ জি চিয়ে ৬ মাৰ্চত পত্ৰ যোগে প্ৰকাশ কৰিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura