ৰাজ্যিক বাতৰি

ক'ৰ'না ভাইৰাছৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সদৰী কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই

Sentinel Digital Desk

ৰাজ্যত ক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে এখন সংবাদ মেলত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ সংবাদ মাধ্যম, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী, শিক্ষক সকলোৱে সজাগতা কাৰ্যসূচী খুব সুন্দৰভাৱে কৰিছে। তাৰ বাবে তেওঁ ধন্যবাদ জনায়।মন্ত্ৰীজনে কয় যে বিমানবন্দৰত ১৬,৫০৮ গৰাকীক স্ক্ৰিনিং কৰিবলৈ সক্ষম হৈছে।৬২,৮৭০ গৰাকী ব্যক্তিক চিকিৎসালয়, ৰেলৱে ষ্টেচন বা অন্যান্য ঠাইত পৰীক্ষা কৰা হৈছে।কাহ-জ্বৰ নেদেখিলে বিমানবন্দৰৰ পৰা মেডিকেল কলেজলৈ নিয়া নহয় বুলি তেওঁ সদৰী কৰি কয়, ‘বাহিৰৰ পৰা অহা কোনো লোক ধৰা নপৰিলেও ঘৰৰ আছুতীয়া ৰুমত ১৪ দিন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ১,০০৩ জন ব্যক্তিক গৃহতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে।‘ তেওঁ লগতে কয় যে ৰাজ্যত পৰীক্ষণ পৰীক্ষাগাৰ চাৰিটালৈ বৃদ্ধি কৰা হৈছে। যোৰহাট, গুৱাহাটী, ডিব্ৰুগড় আৰু নতুনকৈ শিলচৰত পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে । ডিফু, তেজপুৰ বৰপেটাটো স্থাপন কৰাৰ চেষ্টা চলাই থকা হৈছে। গুৱাহাটীত মুঠ ৩৯ জনক পৰীক্ষা কৰা হৈছে। ডিব্ৰুগড়ত ১১ জনক , যোৰহাটত ৩ জনক, শিলচৰত দুজনক পৰীক্ষা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় য়ে ৫৭ টা নমুনাই নিগেটিভ। আজিলৈকে ধৰা পৰা নাই কোনো ক'ৰ'না ভাইৰাছ আক্ৰান্ত ব্যক্তি।

মন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমত ক'ৰ'না ভাইৰাছ এতিয়ালৈকে ষ্টেজ-১ত আছে। কোনোবা এজনে লৈ আহিব লাগিব তেতিয়াহে হ'ব। অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা এতিয়া কমিছে। যদি ২২ মাৰ্চৰ পৰা কোনো নাহে তেন্তে ৫ এপ্ৰিললৈকে এই তাৰিখৰ আগত অহাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে।

বিটিচি নিৰ্বাচনক লৈ চৰকাৰৰ স্থিতি আজি বা কাইলৈ গধূলি সদৰী কৰা হব বুলি তেওঁ কয়। নিৰ্বাচনী প্ৰচাৰ বন্ধ বা নিৰ্বাচন পিছুৱাবলৈ নিৰ্বাচনী আয়োগক অনুৰোধ জনোৱা হৈছে।আনহাতে, এই মুহূৰ্তত যিকোনোধৰণৰ পৰীক্ষা ৩১ মাৰ্চলৈকে অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব।

কাইলৈৰ পৰা চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী আহিব। বাকী ৫০ শতাংশই ঘৰৰ পৰা কাম কৰিব। তিনিদিন বা সাপ্তাহিক হিচাপত ৫০ শতাংশকৈ ভগাই ল'ব লাগিব। স্কুল, কলেজ বা অন্য চৰকাৰী কাৰ্যালয়ত এই ব্যৱস্থা কৰা হ'ব। এই নিৰ্দেশনা কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। ৩১ মাৰ্চলৈকে বাহাল।

পৰহিলৈ পৰা ৰেলৱে ষ্টেচন আৰু বিমানবন্দৰত বাহিৰৰ দেশ বা ৰাজ্যৰ পৰা অহা যাত্ৰীক ষ্টাম্পিং কৰা হ'ব। ষ্টাম্প থকা লোকসকল ১৪ দিন ঘৰৰ ভিতৰত আছুতীয়াকৈ ৰখা হব। ইপিনে, জৰুৰীকালীন সেৱাক বাদ দিয়া হৈছে এই ব্যৱস্থাৰ পৰা। স্বাস্থ্য মন্ত্ৰীৰ পৰা কৰ্মচাৰীলৈকে কাৰো ছুটি নাথাকিব। চিকিৎসক,নাৰ্ছ সকলো ২৪ ঘণ্টা ৰাইজৰ সেৱাত থাকিব লাগিব।

কোনো যাত্ৰীবাহী বাহনতে থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব। কেৱল বহি যাব পৰাসকলেহে বাছ বা যাত্ৰীবাহী বাহনত উঠিব।

শ্বপিং মলৰ ভিতৰত ৫০ জনতকৈ বেছি মানুহ থাকিব নোৱাৰিব। একেবাৰে মলসমূহ বন্ধ কৰি দিয়া নহয় যদিও মলৰ আকাৰ অনুসৰি মানুহক সোমাবলৈ দিয়া হ'ব।

চেনিটাইজাৰ নহ’লেও হ'ব যদি চাবোনেৰে ভালদৰে হাত ধুৱে। যিসকলে দোকান খুলি ৰাখিব বিচাৰিছে সেইসকলে চেনিটাইজাৰ বা চাবোনেৰে গ্ৰাহকক হাত ধুবলৈ দিব লাগিব। এই ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগৰ বিষয়াই দোকান বন্ধ কৰি দিব। সকলো চৰকাৰী, বেচৰকাৰী কাৰ্য্যালয়ৰ সন্মুখত চেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰাখিব লাগিব।

দোকানৰ আগফালে চাবোন বা চেনিটাইজাৰ ৰখাৰ ব্যৱস্থা কৰিবলৈ দোকানীসকলক আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী শৰ্মাই।