Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ: ৩১মাৰ্চলৈকে গুৱাহাটীত বন্ধ থাকিব সকলো চেলুন-যাদুঘৰ

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ: ৩১মাৰ্চলৈকে গুৱাহাটীত বন্ধ থাকিব সকলো চেলুন-যাদুঘৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2020 10:23 AM GMT

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কাৰ্যসূচীৰ অংশৰূপে অহা ৩১ মাৰ্চলৈকে গুৱাহাটীত সকলো চেলুন, যাদুঘৰ আৰু ৰাজহুৱা পুঁথিভঁৰালৰ লগতে যাদুঘৰ বন্ধ থাকিব। বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰা এক নিৰ্দেশৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই কথা সদৰী কৰি মন্ত্ৰী শৰ্মাই টুইটাৰত কয় , “ অহা ৩১মাৰ্চলৈকে গুৱাহাটীত সকলো চেলুন, ৰাজহুৱা পুথিভঁৰাল আৰু যাদুঘৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছো ৷

" ইয়াৰ পূৰ্বে স্বাস্থ্য বিভাগে ক’ৰ’না ভানৰাইছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য আন এলানি নিৰ্দেশনা জাৰি কৰে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই জাৰি কৰা এই নিৰ্দেশত লগতে কোৱা হয় যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য সমগ্ৰ ৰাজ্যত একোজনকৈ ক্ষমতাসম্পন্ন বিষয়া নিযুক্তি দিয়া হ’ব ৷ বিষয়াজনে নিজৰ অধীনৰ অঞ্চলত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাম কৰিব ৷

আনহাতে, কোনো চিকিৎসালয়ে ক’ৰ’না ভাইৰাছ ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। তদুপৰি এনেধৰণৰ ৰোগীৰ বিষয়ে চিকিৎসালয়সমূহে স্বাস্থ্য বিভাগক অৱগত কৰিব লাগিব ৷ আনহাতে, দেশ-বিদেশ ভ্ৰমণ কৰা লোকসকলক নিজকে আছুতীয়া কৰি ৰাখিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ জাৰি কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছ প্ৰতিৰোধঃ সকলো চিকিৎসালয়ে ৰাখিব লাগিব সুকীয়া কক্ষ

ভিডিঅ প্ৰতক্ষ্য কৰক: KMSS leader Akhil Gogoi granted bail as NIA fails to submit charge-sheet

Next Story
চাকৰি