'দেওবাৰ, ১৪ নৱেম্বৰ ২০২১'
'জন্মদিনৰ পূৰ্বানুমান'
'জন্মদিনৰ পূৰ্বানুমান' |
|
শুভ তাৰিখ |
৪, ১৩, ২২ |
শুভ দিন |
সোমবাৰ, বুধবাৰ, শুকুৰবাৰ |
শুভ ৰং |
বেঙুনীয়া, ৰঙা, সেউজীয়া |
১৪নৱেম্বৰ তাৰিখৰ আপোনাৰ দিনটোৰ সম্ভাৱনা :
মেষ ৰাশি (মাৰ্চ ২১ - এপ্ৰিল ২০)
এই সপ্তাহ আপোনাৰ বাবে সুখদায়ক হ'ব। জীৱনত নতুন শিখৰত অগ্ৰসৰৰ হেতু সুবিধা লাভ কৰিব। জেষ্ঠ কৰ্মী আৰু ওপৰৱালা আপোনাৰ কামক লৈ সুখী হ'ব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ বাবে অতিমাত্ৰা ধন উপাৰ্জন কৰিব। ব্যৱসায়ীত লাভ। চাকৰিত পদোন্নতি। উপাৰ্জন বৃদ্ধি হ'ব। কৰ্ম সম্বন্ধীয় নতুন দায়িত্ব হাতত পৰিব পাৰে। সহকৰ্মীয়ে আপোনাৰ কাৰ্য কুশলতাৰ শলাগ ল'ব। আপুনি নিজৰ সহভাগীক সুখী কৰাত সক্ষম। প্ৰেমিক সকলে নিজৰ সম্বন্ধ উপভোগ কৰিব আৰু সম্বন্ধ আগতকৈ বেছি ঘনিষ্ঠ হৈ উঠিব। বিবাহ যুগ। ওচৰ- পাজৰৰ লোকসকলৰ ওপৰত চকু ৰাখিব। স্বাস্থ্যৰ প্ৰতি ধ্যান দিব।
বৃষ ৰাশি (এপ্ৰিল ২১ - মে ২১)
এটি সুন্দৰ সপ্তাহ আপোনাৰ অপেক্ষাত। আপুনি জীৱন কিছু সুন্দৰ মূহুৰ্ত উপভোগ কৰিবলৈ গৈ আছে। পইছাৰ অভাৱ নহ'ব, ধন আহি থাকিব। কোনো শত্ৰু আপোনাৰ সমুখত থিয় দিব নোৱাৰিব। আপুনি আপোনাৰ পৰিয়াললৈ সুনাম কঢ়িয়াই আনিব। আপোনাৰ কষ্ট আৰু পৰিশ্ৰমে ভাল ফলাফল দেখুৱাব। কৰ্মত হেঁচা বাঢ়িব, কিন্তু আপুনি ইয়াক পৰিচালনা কৰাত সফল হ'ব। আপুনি ব্যস্ত হৈ পৰিব, আৰু পৰিয়ালক সময় দিবৰ বাবে অসফল হ'ব। সহভাগীয়ে আপোনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিব। আপুনি সকলোকে একেলগে লৈ আগবাঢ়িব পাৰিব লাগিব আৰু একে সময়তে পৰিয়ালৰ ওপৰতো চকু দিব লাগিব। পৰিয়ালত কোনো ধৰণৰ বিবাদৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি সেই সকলোকে বৰ্জ্জন কৰিব। পৰিয়ালৰ কোনো অনুষ্ঠানৰ আপুনি অংশীদাৰ হ'ব পাৰে। বন্ধুবৰ্গৰ সান্নিধ্যত আপুনি সুখী অনুভৱ কৰিব।
মিথুন ৰাশি (মে ২২ - জুন ২১)
এই সময়চোৱাত আপুনি বহুদিনীয়া কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আৰ্থিক অৱস্থা আৰু কৰ্ম ক্ষেত্ৰত উন্নতি। আপোনাৰ ভাগটোত উন্নতি হ'ব। ব্যৱসায়ত উন্নতি সাধন কৰিব। চাকৰি সম্বন্ধীয় বিষয়ত লাভাম্বিত হ'ব। ওপৰৱালা আৰু সহকৰ্মীৰ বিশ্বাস আৰু আস্থা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত ব্যস্ত হৈ পৰিব, নিজৰ পইচা সাৱধানে বিনিয়োগ কৰিব। ধন ঘটাৰ সকলো প্ৰচেষ্টাতে আপুনি সফলতা লাভ কৰিব। সহভাগীৰ সৈতে কিছু সুন্দৰ সময় অতিবাহিত কৰিব। প্ৰেম সম্বন্ধীয় বিষয়ত সফলতা। ভাতৃ আৰু পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। মন ভাল হৈ থাকিব। পৰিয়ালৰ কোনো অনুষ্ঠানৰ অংশীদাৰ হ'ব। কৰোবাৰ পৰা ভাল খবৰ পাব।
কৰ্কট ৰাশি (জুন ২২ - জুলাই ২২)
দেওবাৰ, ১৪ নৱেম্বৰ ২০২১'
আপোনাৰ কিছু সিদ্ধান্ত ভুল হ'ব পাৰে। কিন্তু ইয়াক লৈ আপুনি বেছি চিন্তাত নপৰিব। কাজিয়া - পেচালৰ পৰা দুৰত থাকক। চাকৰিত উন্নতি লাভ কৰিব। সততা, উৎসৰ্গা, কামৰ প্ৰতি মনোযোগ আৰু সত্যবাদিতা আপোনাৰ ধনাত্মক গুণ। নিজৰ তীক্ষ্ণতা আৰু ধৈৰ্য্যশক্তিৰ সহায়ত আপুনি সফলতা অৰ্জন কৰিব। স্পষ্টবাদী হোৱাৰ পৰা বিৰত থাকিব। ওপৰৱালাই আপোনাৰ মত মনোযোগেৰে শুনিব আৰু ইয়াৰ প্ৰশংসা কৰিব। আপোনাৰ সহকৰ্মীয়েও আপোনাৰ সহযোগিতা কৰিব। কৰ্ম বা ব্যৱসায়িত আৰ্থিক লাভ হ'ব। নিজৰ পইচা বিপদজনক ক্ষেত্ৰত বিনিয়োগ নকৰিব। পতি আৰু পত্নীৰ মাজত বুজাবুজি ভাল হ'ব। বহু ক্ষেত্ৰত নিজৰ ধৈৰ্য্য আৰু অনুশাসন নেহেৰুৱাব। ৰাজনীতি/ সংবাদ মাধ্যমত থকা সকলে উন্নতি লাভ কৰিব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ বাবে যাওঁক।
সিংহ ৰাশি (জুলাই ২৩ - আগষ্ট ২৩)
কৰ্ম সম্বন্ধীয় সমস্যা নিমিষতে দুৰ হ'ব। আপোনালৈ সুনাম আৰু যশস্যা আহিব। সহকৰ্মীৰ মাজত আপুনি বিখ্যাত হৈ উঠিব। যিসকল ব্যৱসায় সহভাগী বা সহকাৰী হিচাপে আছে তেওঁলোকে লাভাম্বিত হ'বলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা সন্তোলিত হ'ব। আপোনাৰ শত্ৰু সকল সক্ৰিয় হৈ উঠিব, কিন্তু আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিবলৈ অসমৰ্থ হ'ব। চাকৰি, ব্যৱসায়, বিনিয়োগ আদিত সফলতা অৰ্জন কৰিব। আপুনি নিজকে শক্তিশালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। নিজৰ সহভাগীৰ সৈতে আপোনাৰ সুন্দৰ সম্পৰ্ক উপভোগ কৰিব। পতি আৰু পত্নীয়ে এজনে আনজনৰ প্ৰয়োজন, অনুভৱ আৰু আকাংক্ষা বুজি উঠিব। এগৰাকী প্ৰেৰণা দায়ক ব্যক্তিৰ সৈতে আপোনাৰ সদ্ভেদ হ'ব। সেই ব্যক্তিয়ে আপোনাক কৰ্ম ক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ সহযোগিতা প্ৰদান কৰিব। প্ৰেম সম্পৰ্কত উন্নতি। আপোনাৰ সিদ্ধান্ত শুদ্ধ হ'ব।
কন্যা ৰাশি (আগষ্ট ২৪ - ছেপ্টেম্বৰ ২২)
দেওবাৰ, ১৪ নৱেম্বৰ ২০২১'
নতুন বাহন নতুবা সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। ঘৰুৱা প্ৰয়োজনীয় দামী সামগ্ৰী ক্ৰয় কৰিব। কৰ্মক্ষেত্ৰৰ কোনো সহকৰ্মীৰ সৈতে আপোনাৰ ৰোমান্টিক সম্পৰ্ক স্থাপন হ'ব। এই ব্যক্তি আপোনাৰ কোনো পুৰণা চিনাকিও হ'ব পাৰে। এই সম্বন্ধয়ে পৰবৰ্তী সময়ত বিবাহৰ ৰূপ ল'ব পাৰে। আৰ্থিকভাৱে টনকিয়াল হ'ব। ধন আৰু অৰ্থ আহি থাকিব। বিশ্বাসযোগ্য কোনো লোকে প্ৰতাৰণা কৰিব পাৰে। আপোনাৰ তীক্ষ্ণতা আৰু বুদ্ধিমত্তাৰ পাছতো কিছু কাম ভবা মতে হৈ নুঠিব পাৰে। আপুনি মাত্ৰ সাৱধান আৰু সতৰ্ক হৈ থাকক। জেষ্ঠ আৰু ওপৰৱালাৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপুনি বিখ্যাত হৈ থাকিব। ব্যৱসায়/ কামৰ ক্ষেত্ৰত আগতকৈ বেছি নিয়মিততা দৃষ্টভঙ্গীৰে চাব। কৰোবাৰ উপস্থিতিত ঐশ্বৰ্য্য সম্বন্ধীয় বিবাদৰ মীমাংসা হ'ব।
তুলা ৰাশি (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)
এই সপ্তাহ আপোনাৰ বাবে ফলদায়ক হ'ব। আপুনি বহুত লাভাম্বিত হ'ব। কোনো নতুন কামত আগতকৈ বেছি মনোযোগ দিব। এই কামে আপোনালৈ উচ্চ লাভাংশ আনিব। এই কামৰ সমাপনৰ বাবে আপুনি সৰ্বোচ্চ প্ৰচেষ্টা দিব। ব্যৱসায় সম্বন্ধীয় কোনো সমস্যা সমাধান হ'ব। সহকৰ্মী, সহকাৰী আৰু ওপৰৱালাৰ বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হ'ব। সপোন দেখিবলৈ এৰি ব্যৱহাৰিক হওঁক। বন্ধু আৰু সমৰ্থকৰ পৰা সহায় লাভ কৰিব। মনোমালিন্যৰ পৰা দূৰত থাকক। নিজৰ সহভাগীৰ সৈতে ঘনিষ্ঠ হ'ব, তেওঁৰ সৈতে আৱেগিক সম্পৰ্ক বিনিময় কৰিব। পৰিয়ালৰ সদস্য সকলৰ প্ৰতি মৰম বাঢ়িব। ভাতৃ/ ভগ্নীৰ পৰা শ্ৰদ্ধা লাভ কৰিব। ছাত্ৰ সকলে ভাল ফলাফল দেখুৱাব। অভিজ্ঞ লোকৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক অতিকৈ সহায়ৰ প্ৰমাণিত হ'ব। প্ৰেম জীৱন ভাল। আপুনি ইতিবাচক আৰু উৎসাহিত হৈ থাকিব।
বৃশ্চিক ৰাশি (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)
এই সপ্তাহত আপোনাৰ লগত সকলো ভাল হ'ব। আপোনাৰ কপালৰ নক্ষত্ৰ জিলিকি উঠিব আৰু বহু দিনৰ পৰা স্থগিত হৈ থকা কাম পুনৰ সুচাৰু ৰূপে পৰিচালিত হ'ব। দৰমহা বাঢ়িব। ভূতকালত কৰা কিছু বিনিয়োগৰ পৰা লাভাম্বিত হ'ব। নতুন চাকৰি/ ব্যৱসায়ীৰ খবৰ আহিব। সকলোৱে আপোনাৰ কামৰ শলাগ ল'ব আৰু ফলস্বৰূপে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰেম আৰু ৰোমাঞ্চত সফলতা। জেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব। ভগবানৰ প্ৰতি আপোনাৰ বিশ্বাসে সকলো সমস্যাৰ সমাধান দিব। আপোনাৰ সহভাগী আপোনাৰ শক্তিৰ উৎস হিচাপে প্ৰমাণিত হ'ব। ব্যৱসায় বা চাকৰিত নতুন সম্পৰ্ক গঢ়ি উঠিব। অদৰকাৰী কামত সময় নষ্ট নকৰিব। নতুন আঁচনি অৱলম্বন কৰিব কাৰণ আপোনাৰ চিনাকী হ'ব এগৰাকী অনুপ্ৰেৰণা দায়ক ব্যক্তিৰ সৈতে। আৰু এই কামত সাফল্যতা অৰ্জন কৰিব।
ধনু ৰাশি (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)
এই সপ্তাহত আপুনি নষ্টালজিক অনুভৱ কৰিব। সুখৰ পুৰণা দিন সমূহ আৰু বন্ধুবৰ্গলৈ মনত পৰিব। পৰিয়ালৰ সৈতে ঘনিষ্ঠ হ'ব আৰু আপোনাৰ সুমধুৰ কণ্ঠই সকলোকে মোহিত কৰিব। সহকৰ্মী সকলে আপোনাৰ পৰা অনুপ্ৰেৰণা ল'ব। আপুনি ওপৰৱালাৰ প্ৰিয় হৈ থাকিব। আৰ্থিক অৱস্থা স্বচ্ছল হৈ থাকিব। সহভাগীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক উপভোগ কৰিব। নতুন সহভাগী বিচাৰি থকা সকলে বিবাহৰ প্ৰস্তাৱ পাব। ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি প্ৰিয় পৰিবেশ গঢ়ি উঠিব। পৰীক্ষাত সফলতা। ন্যায়ালয় সম্বন্ধীয় সমস্যা সমূহ সমাধান হ'ব। বন্ধু আৰু সম্বন্ধীয় লোকসকলৰ সমস্যা সমাধান হ'ব। অতিকৈ বুজাপৰা থকা লোকৰ সৈতে আপোনাৰ সম্বন্ধ গঢ়ি উঠিব। স্বাস্থ্য ভালেই থাকিব।
মকৰ ৰাশি (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)
এই সপ্তাহে আপোনালৈ সফলতা আনিব। চাকৰি/ ব্যৱসায়ীত উন্নতি কৰিব। প্ৰেম জীৱন মধুৰময় হৈ উঠিব। সহভাগীৰ সৈতে এটি মধুৰ সম্পৰ্ক স্থাপন হ'ব। প্ৰেম বিষয়ত উন্নতি হ'ব। আপোনাৰ ভাল লগাবোৰত ঘটা পৰিবৰ্তন সমূহে আপোনাক উৎফুলিত কৰি তুলিব। ব্যৱসায়ীত উন্নতি কৰিব আৰু লগতে আৰ্থিক লাভ হ'ব। কামক লৈ আপোনাৰ পৰিকল্পনাই আপোনালৈ সফলতা কঢ়িয়াই আনিব। এই সপ্তাহে আপোনালৈ ভাল ফলাফল কঢ়িয়াই আনিব। আপোনাৰ কামৰ সম্ভাৱনাপূৰ্ণ বৃদ্ধি পাব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা। কিছু বিনিয়োগ লাভ। পৰিয়ালৰ সদস্য সমূহৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি পাব। তেওঁলোকেও আপোনাক মৰম আৰু সমৰ্থন আগ বঢ়াব। সকলো দিশৰ পৰা আপুনি সন্তুষ্টি লাভ কৰিব। নিজৰ কষ্টৰ বিনিময়ত ভাল ফলাফল লাভ কৰিব।
কুম্ভ ৰাশি (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)
এয়া আপোনাৰ প্ৰিয় সময়। আপুনি উন্নতিৰ পথৰ দিশে অগ্ৰসৰ হ'ব। আৰ্থিক ভাৱে লাভান্বিত হ'ব। ব্যৱসায়ীত উন্নতি। নিজৰ সপোনৰ সঁচা কৰিবলৈ আপুনি কষ্ট কৰিব আৰু বিনিময়ত ভাল ফল লাভ কৰিব। কৰবাৰ পৰা ভাল খবৰ পাব। সময়বোৰ শান্তিদায়ক হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা আছে। কিবা কাম হাতত লোৱাৰ আগেয়ে পৰিকল্পনা কৰক। সম্পত্তি সম্বন্ধীয় বেপাৰ সমূহত লাভ। সময়বোৰ ভালদৰে পাৰ হ'ব। অত্যধিক হাঁহি আৰু উল্লাস। নিজৰ পইচা কাকো ধাৰলৈ নিদিব। নিজৰ তীক্ষ্ণতা আৰু জ্ঞানৰ সহায়ত বহুতো সমস্যাৰ সমাধান বিচাৰি পাব।
মীন ৰাশি (ফেব্ৰুৱাৰী ১৯ - মাৰ্চ ২০)
পৰিকল্পনা কৰা সকলো কাম সম্পূৰ্ণ হ'ব। চৰকাৰী কাম সমূহ আৰম্ভ হ'ব। কাৰ্য্যালয়/ ব্যৱসায় সম্বন্ধীয় কামসমূহ ব্যস্ত হৈ পৰিব। আপোনাৰ কাম সমূহত কোনো শত্ৰুৱে বাধা প্ৰদান কৰিব পাৰে, কিন্তু সেই শত্ৰু সফল নহ'ব। আপোনাৰ প্ৰিয় সকলে আপোনাৰ সমৰ্থন কৰিব। সহভাগীৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ'ব। স্বাস্থ্য ভালে থাকিব। আপোনাৰ কষ্টয়ে ভাল ফল কঢ়িয়াই আনিব। কামৰ সম্ভাৱনাপূৰ্ণ বৃদ্ধি পাব। চাকৰিত পদোন্নতি লাভ কৰিব। ব্যৱসায়ীত লাভ। কিছু বিনিয়োগ, সঞ্চয়নৰ সম্ভাৱনা। আপোনাৰ সকলো দায়িত্ব ভালদৰে সমাপন কৰাত সক্ষম হ'ব। সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আপুনি সাজু। কামত ব্যস্ত হৈ পৰিব। আত্মবিশ্বাসেৰে আগ বাঢ়ক।