Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৭নৱেম্বৰ, বুধবাৰ, ২০২১)

আজিৰ দিনটোত ৰাশিফল চাওঁক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৭নৱেম্বৰ, বুধবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2021 12:31 AM GMT

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৭ নৱেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

আজিৰ জন্মদিনৰ শুভাশুভ

শুভ তাৰিখ

৮, ১৭,২৬

শুভ বাৰসমূহ

সোম, বুধ আৰু শনিবাৰ

শুভ ৰং

নেভী ব্লু, ধোঁৱা বৰণীয়া ক'লা, মুগা

১৭ নৱেম্বৰ তাৰিখৰ আপোনাৰ দিনটোৰ সম্ভাৱনা :

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)


কামে আপোনাক ব্যস্ত কৰি ৰাখিব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় কটোৱাৰ বাবে অতিৰিক্ত সময় ব্যয় কৰিব লাগিব। শান্তি আৰু সুৰক্ষিত হোৱাৰ অনুভৱে আপোনাৰ বাবে দুৱাৰ মুকলি কৰিব। আপোনাৰ জীৱনত প্ৰেমেও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপুনি মানসিক দু-শ্চিন্তাৰ পৰা মুক্ত হব আৰু মানসিক শান্তিত থাকিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )


আপোনাৰ মন মুকলি ৰাখক আৰু জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয়জনৰ পৰা পৰামৰ্শ পাব । আপুনি আপোনাৰ জীৱনসংগী অধিক বিবেচনাশীল হোৱাটো বিচাৰে আপুনি বিৰক্তও হব পাৰে। আপুনি আপোনাৰ অহংবোধ ত্যাগ কৰক আৰু আনক সহায় কৰাত মনোযোগ দিয়ক। আপুনি কোনো উত্সৱ-পাৰ্বনত অংশ লৈ বিৰক্ত হব। আপুনি এনে বিৰক্তিবোধ গ্ৰহণ কৰিব আৰু বন্ধুবৰ্গৰ লগত ভাল সময় অতিবাহিত কৰিব।

মিথুন : (২২ মে' – ২১ জুন)


আপুনি আজি এজন ভাললগা ব্যক্তিৰ দ্বাৰা পৰিচালিত হব আৰু তেওঁ গোটেই দিন আপোনাৰ মন-প্ৰাণ দখন কৰি থাকিব। তেওঁ আপোনাক আনন্দিত কৰিও ৰাখিব। খুব সোনকালে আপুনি তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব। আপোনাৰ কৰ্ম-গতি বাঢ়িব। আপুনি ঘৰৰ সকলো সৰু-সুৰা সমস্যা সামাধান কৰিব। আপুনি প্ৰচুৰ ধন অৰ্জন কৰিব আৰু বিদেশ ভ্ৰমণৰ সুয়োগ পাব।

কৰ্কট: (২২ জুন – ২২ জুলাই)


এটা নতুন অভিজ্ঞতাই আপোনাক বিমোৰত পেলাব আৰু আপুনি কাৰোৰে সহায় নাপাব। আপোনাৰ পৰা সম্ভৱতঃ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আঁতৰি যাব. যিটো আপোনাৰ অহংবোধৰ প্ৰতি এটা আঘাত হব।তাকে লৈ আপুনি হীনমন্যতাত ভুগিব পাৰে। আপুনি কথাই সূক্ষ্মভাবে নিৰীক্ষণ কৰিব। আপুনি যান-বাহনৰ খুঁটি-নাতিৰ পৰীক্ষা-নিৰীক্ষা সময়মতে কৰাব যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)


আপুনি আৰু আোপনাৰ প্ৰেমিক বা প্ৰেমিকাই পালন কৰা ভূমিকাক লৈ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। আপুনি সম্পৰ্ক সলনি কৰিবলগীয়া হব পাৰে । আপুনি বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে কোনো অতি ঘনিষ্ঠ ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰিবলগীয়া হব পাৰে। আপুনি নতুন চিন্তা-ধাৰা প্ৰয়োগ কৰিব আৰু পৰিস্থিতি পুনৰীক্ষণ কৰিব। আপুনি বহু আলোচনা-বিলোচনাত অংশ লব। আপোনাৰ কামত গধুৰ দায়িত্ব থাকিব পাৰে। আপুনি আপোনাৰ নিকটজনক লগ পাব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)


আজিৰ দিনটো আপোনাৰ বাবে এটা জটিল দিন হব পাৰে। আপুনি সাহসেৰে পৰিস্থিতিৰ সন্মউকীন হব লাগিব। আপোনাৰ জীৱনসংগীয়ে দুঃশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে । তেওঁ আপোনাৰ পৰিয়ালৰ মতামতৰ লগত সন্মত নহব পাৰে। ঘৰৰ জ্যেষ্ঠজনৰ লগত যুক্তি-তৰ্ক নকৰিব। আজিৰ দিনটোৱে আপোনালৈ অনেক সন্মান আৰু যশস্যা আনিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে পুৰস্কৃত হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)


আপোনাৰ বাবে আজিৰ দিনটো অপূৰ্ব সুন্দৰ দিন হ'ব । আপুনি কিছুদিনৰ বিৰতিৰ পাছত আজি আপোনাৰ প্ৰিয়জনক সাক্ষাত কৰিবলৈ যাব। আপুনি আজি তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত আপুনি দোধোৰ-মোধোৰত পৰিব পাৰে। কিন্তু কোনোবাজনৰ সহায় লব। আপোনাৰ বিত্তীয় অৱস্থা অনুকূল। আপোনাৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)


আজিৰ দিনটো আপুনি অত্যন্ত ব্যস্ততাৰে পাৰ কৰিব লাগিব । অৱশ্যে কামতকৈ আপুনি কৰি ভালপোৱা কাম বা খেলা-ধুলাই সম্ভৱতঃ অগ্ৰাধিকাৰ পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহু ঘণ্টা সময় কটাব। আপুনি চৰকাৰৰ পৰা পুৰস্কাৰ পাব পাৰে। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী লবলৈও সময় পাব। তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি সা-সামগ্ৰী ক্ৰয় কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)


আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হব। আপুনি আপোনাৰ প্ৰিয়জনক ফুৰাবলৈ নিব পাৰে। আপুনি এটা সুন্দৰ উপহাৰ ক্ৰয় কৰিব আৰু মৰমেৰে সেইটো তেওঁক প্ৰদান কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কল্যাণমূলক কামে আপোনাক আকৰ্ষণ কৰিব। আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপুনি এটা পদোন্নতিও পাব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)


আপুনি বিপদ মণ্ডলৰ পৰা আঁতৰি থাকক। আপুনি ত্ৰিকোণ প্ৰেমত পৰিব নিবিচাৰে। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞানবৰ্ধনৰ দিন হব। আপোনাৰ সৃষ্টিশীলতাক সকলোৱে প্ৰশংসা কৰিব। আপুনি জীৱন উপভোগৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি এটা নতুন সম্পত্তি ক্ৰয় কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)


আপুনি কোনোবা নতুন ব্যক্তিৰ সৈতে ঘনিষ্ঠ হব। কিন্তু এই কাম প্ৰকৃততে মূল্যবান হবনে নহয়, সেই কথা ভাবি আপুনি সময় খৰচ কৰিব। কিন্তু কাৰোবাৰ সৈতে সময় কটোৱা কাৰ্যই আপোনাৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিব। সম্পত্তি ক্ৰয়ৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি নতুন বিনিয়োগৰো সুযোগ পাব। আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)


আপুনি কিছুমান কথাৰ অশুদ্ধ ধাৰণা কৰি ভুল কৰিব পাৰে । কিন্তু আপোনাৰ জীৱনসংগীয়ে আপুনি কৰা ভুলৰ শুধৰণি কৰিব । আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ সৈতে কটাব। আপুনি সুখী হব আৰু আনন্দ মুখেৰে থাকিব। আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতিসাধন কৰিব। আপুনি আপোনাৰ ব্যক্তিত্বৰ উন্নতি সাধন কৰিব আৰু জীৱনত প্ৰগতি লাভ কৰিব।

আৰু পঢ়ক : ৰিয়েলিটী শ্ব' এংকৰৰ বৰ্ণবাদী মন্তব্যক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

Next Story
চাকৰি