Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৭ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৭ ডিচেম্বৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2021 4:51 AM GMT



জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ


৭,১৬, ২৫

শুভ বাৰসমূহ


সোমবাৰ, মঙলবাৰ, দেওবাৰ

শুভ ৰংসমূহ




ৰঙা, মেৰুণ, বেঙুণীয়া



মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)







আপুনি আপোনাৰ কোনো বন্ধুক নতুন ধৰণেৰে লব আৰু মনত প্ৰশান্তি অনুভৱ কৰিব। মৰম-চেনেহ আৰু প্ৰেম-প্ৰীতিয়ে আপোনাক সুখী কৰিব। গ্ৰহ-গতি আপোনাৰ অনুকূলে আছে। সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ কিন্তু প্ৰয়োজনত তৎপৰ হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষিত হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')





আপুনি আপোনাৰ জীৱনসংগীৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি অধিক গুৰুত্ব দিব আৰু এটা সপোন বাস্তৱায়িত কৰাৰ চেষ্টা কৰিব। আপুনি আজি কামৰ পৰা বিৰতি লৈ জীৱন কিছু উপভোগ কৰিব পাৰে। আপুনি আপোনাৰ বিপৰীত লিংগক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব ৷ আপোনাৰ ঘৰত কোনো বিশেষ আয়োজন থাকিব৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷

মিথুন : (২২ মে'- ২১ জুন)






আপুনি বুদ্ধিমত্তাৰে ব্যস্ততাৰো মাজত কাম কৰিব। ফলত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো সময় দিব পাৰিব। আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জিপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ আপোনাৰ মৰমৰজনে শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টিত সহায় কৰিব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)





আপুনি ব্যক্তিত্বৰ ফালৰ পৰা সহজে হাৰ মনাবিধৰ মানুহ নহয়। আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)






এক আন্তৰিক বান্ধোনে আপোনাৰ প্ৰেমৰ সম্পৰ্কক অতি আনন্দকৰ কৰি তুলিব পাৰে । আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)






ঘৰুৱা কথাতে আপোনাৰ অধিক সময় আৰু শক্তি ব্যয় হব। আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা বা সাক্ষাতকাৰত সফল হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)







কোনো কোনো সময়ত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে বিৰক্তিদায়ক হৈ উঠিব পাৰে। আপুনি পৰিস্থিতি ভালদৰে তদাৰক কৰিব লাগিব। আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ আনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্থিতিস্থাপকতা পূৰ্ণ হ'ব ৷ কৰ্মস্থলীত আপুনি কাৰোবাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)






আপোনাৰ প্ৰেম জীৱন সুখৰ হব। আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ ৷কাৰ্যালয়ৰ সৈতে সম্পৰ্কিত কাম আপুনি সম্পূৰ্ণ কৰিব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)









আপুনি নভবা-নিশ্চিন্তাকৈ কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো ৰাজনীতিক সৈতে ঘটা সাক্ষাতে আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰাটো সুন্দৰ মনৰ কাৰ্য হ'ব ৷ পৰিয়ালৰ সৈতে থকা আপোনাৰ ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)







আপুনি আপু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই একেলগে ভৱিষ্যতৰ পৰিকল্পানা কৰোঁতে যথেষ্ট মানসিক চাপৰ সন্মুখীন হব লাগিব। ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় পাব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)








আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সুন্দৰভাবে মিলি পৰিব। আৰু আপুনি তেওঁক সন্তুষ্ট কৰিবলৈ সকলো চেষ্টা কৰিব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



বন্ধু-বান্ধৱৰ সৈতে কৰা এটা পাৰ্টীত আপুনি মূল কেন্দ্ৰবিন্দুত পৰিণত হব। আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আপুনি এজন প্ৰভাৱশালী ৰাজনীতিক বা ব্যৱসায়ীক লগ পাব, যিয়ে আপোনাক বহু সহায় কৰিব।


আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি