আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ ডিচেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ ডিচেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ


 ৮, ১৭, ২৬

শুভ বাৰসমূহ


মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ




 ৰঙা, নীলা, বেঙুণীয়া

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

আজি আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুঃখ দিব পাৰে। আপুনি কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হলেও কিন্তু কথাবোৰ সিমান জটিল নহয়। পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাবৰ বাবে আপুনি আপোনাৰ জীৱনসংগীক সময় দিয়াৰ প্ৰয়োজন হব। টকা-পইচাক লৈ সাৱধান হওক। ৰাজনীতিৰ সৈতে জড়িত আপোনাৰ কথা-বতৰাবোৰ সুষমভাবে আগবাঢ়িব। 

বৃষ : (২১ এপ্ৰিল – ২১ মে')

অবিবাহিতসকলে প্ৰেমত পৰাৰ সুযোগ পাব। যদি আপুনি অ-বাবিহত তেন্তে প্ৰেমত পৰাৰ বাবে আজি এবাৰ চেষ্টা কৰি চাব পাৰে। সেই ক্ষেত্ৰত আপুনি হতাশ হবলগীয়া নহব। আপোনাৰ ঘৰত কোনো বিশেষ আয়োজন থাকিব ৷ সুখ-হাঁহিৰ পৰিৱেশ গঢ়াত আপোনাৰ আপোনজনে সহায় কৰিব ৷ আপুনি মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷

মিথুন : (২২ মে'- ২১ জুন)

আজিৰ দিনটো আপোনাৰ বাবে আপোনাৰ প্ৰিয়জনৰ সৈতে মন খুলি হৃদয়েৰে কথাৰ পতাৰ বাবে উপযোগী দিন। ৷ আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জীপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ আপোনাৰ মৰমৰজনে সমস্যা সমাধানত আৰু শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টিত সহায় কৰিব ৷ 

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি এক উত্সৱসদৃশ পৰিৱেশৰ মাজত থাকিব । আপুনি ৰোমাণ্টিক হবলৈও বিচাৰিব। তাৰ প্ৰতি আপুনি প্ৰিয়জনৰ পৰা সঁহাৰিও পাব। আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক সন্ধিক্ষণত উপনীত হৈছে। আপুনি এই কথা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আলোচনা কৰিব পাৰে। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম-সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

ৰোমাণ্টিকতাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে উত্তম দিন । আপুনি আপোনাৰ প্ৰেমিক বাবে প্ৰতিটো শব্দই শুনিবলৈ ভাল পাব। আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ আবেগ-অনুভূতি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ ওচৰত প্ৰকাশ কৰা উচিত। আপোনাৰ ভাগ্যই আোপনাক সহায় কৰিব। আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ 

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপুনি ইতিমধ্যে প্ৰেমত আবদ্ধ থকা সত্বেও আজি আন কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হব পাৰে। ইয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ 

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপোনাৰ প্ৰেমিকা বা প্ৰেমিকাই কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সূচনা কৰিলেও আপুনি মন শান্ত কৰি ৰাখিব। আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷ আজি আপুনি অতিশয় সুখী হ'ব ৷ আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰাটো সুন্দৰ মনৰ কাৰ্য হ'ব ৷  ছাত্ৰ-ছাত্ৰীসকলে ধৈৰ্যৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ প্ৰয়োজন।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে ঘটনাবহুল দিন হব। আপোনাৰ প্ৰত্যাশিত ৰোমাণ্টিক জীৱন আৰম্ভ হব পাৰে । ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় পাব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আজি আপোনাৰ বহু মুহূৰ্ত প্ৰেমৰ মুহূৰ্ত হব। দিনটো আনন্দ-স্ফূৰ্তিৰ মাজেৰে অতিবাহিত হব। আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক ৰোমাণ্টিক ভ্ৰমণত যোৱাৰ সপোন শীঘ্ৰেই পূৰণ হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ইচ্ছা-হাবিয়াস পূৰণৰ বাবে অতিৰিক্ত চেষ্টা চলাব লাগিব। আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com