Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ ডিচেম্বৰ, শুকুৰবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ ডিচেম্বৰ, শুকুৰবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2021 5:03 AM GMT



জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ


১, ১০, ১৯, ২৮

শুভ বাৰসমূহ



সোমবাৰ, শুকুৰবাৰ, শনিবাৰ

শুভ ৰংসমূহ




ৰঙা, গুলপীয়া, পাতল বগা



মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)







আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰাবোৰ আলোচনা কৰি দুয়োৰে মাজত বুজা-পৰাৰ সৃষ্টি কৰিব। যদি আপুনি খুলাখুলিকৈ কথাবোৰ আলোচনা কৰে, তেতিয়া আন বহু কথাও মানি লব। আপোনাৰ সন্তানে নিজৰ ভৱিষ্যত সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লব। আপুনি তেওঁক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')






আপুনি নিজৰ প্ৰয়োজনীয়তাখিনিক আওকাণ নকৰিব। কাৰণ এইসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপুনি যিদৰে আনক সহায় কৰে, তাৰ বিনিময়ত একো নাপাব পাৰে ৷ আপোনাৰ ঘৰত কোনো বিশেষ আয়োজন থাকিব ৷ সুখ-হাঁহিৰ পৰিৱেশ গঢ়াত আপোনাৰ আপোনজনে সহায় কৰিব ৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷

মিথুন : (২২ মে'- ২১ জুন)






আপোনাৰ নিষ্পাপতাই সহজে বহুতকে আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। আপুনি এজনতকৈ অধিক ব্যক্তিৰ লগত সংগ উপভোগ কৰিব। আপুনি সফলতা অৰ্জনৰ বাবে অধ্যয়ন আৰু লেখা-মেলাত গুৰুত্ব আৰোপ কৰিব। আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি কামত সফলতা অৰ্জন কৰিব আৰু নাম আৰু যশস্যা আহৰণ কৰিব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)







আপুনি আপোনাৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত অধিক বাস্তৱসন্মত হোৱাৰ চেষ্টা কৰক। এনে ব্যৱস্থাৰে আপুনি সমস্যা সমাধানৰ চেষ্টা কৰক। আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জিপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)






ভাল খবৰে আপোনাৰ বাবে অপেক্ষা কৰিছে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক উন্নত হব পাৰে। কাৰোৰে সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মাৰপিত হ'ব পাৰে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)








কোনো নতুন ব্যক্তি আপোনাৰ জীৱনলৈ আহিব পাৰে আৰু সেই ব্যক্তিজনৰ মিঠা প্ৰকৃতিয়ে আপোনাক তেওঁৰ প্ৰতি আকৰ্ষণ কৰিব। । আপোনাৰ প্ৰেম-জীৱন উন্নতৰ কৰিবলৈ খৰধৰ নকৰিব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপোনাক বিপদৰ সময়ত উদ্ধাৰ কৰা মানুহ পাব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)









পৰিয়ালৰ এটা সমস্যাই আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কিছু সময়ৰ বাবে আঁতৰত ৰাখিব পাৰে । ইয়ে আপোনাক হতাশ কৰিব পাৰে । আপোনাৰ ব্যয়ো বৃদ্ধি পাব পাৰে ৷ আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)






আপুনি ইতিমধ্যে প্ৰেমত আবদ্ধ থকা সত্বেও আজি আন কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হব পাৰে। ইয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)










প্ৰধানতঃ যোগাযোগৰ অভাৱে আপোনাক দুখ দিব পাৰে। কৰ্মস্থলীত অধিক দায়িত্ব পোৱাটোৱেও আপোনালৈ দুখ কঢ়িয়াব পাৰে। অৱশ্যে আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)









আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল আৰু আপুনি আপোনাৰ জীৱনসংগীক কৰবালৈ ফুৰাবলৈ নিয়াৰ কথা চিন্তা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপোনাৰ কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)








আজি আপোনাৰ বহু মুহূৰ্ত প্ৰেমৰ মুহূৰ্ত হব। দিনটো আনন্দ-স্ফূৰ্তিৰ মাজেৰে অতিবাহিত হব। আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



কৰ্মস্থলীত কোনোবাজনে আপোনালৈ বিশেষ দৃষ্টি দিব আৰু তাক লৈ আপুনি আচৰিত হব। কিন্তু আপুনি তেওঁৰ পৰা পোৱা মনোযোগক উপভোগ কৰিব। আপুনি পূৰ্বৰ লেখীয়াকৈ কামত মনোনিৱেশ কৰি যাব। আপোনাৰ প্ৰিয়জনে আপোনাক সহায় কৰিব। আপোনাৰ বিত্তীয় অৱস্থা সময়ৰ অগ্ৰগতিৰ লগে লগে সুস্থিৰ হ'ব।

আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে


Next Story
চাকৰি