জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :
জন্মদিনৰ শুভাশুভ | |
শুভ তাৰিখসমূহ | ৪, ১৩, ২২ |
শুভ বাৰসমূহ | সোমবাৰ, মঙলবাৰ, বুধবাৰ |
শুভ ৰংসমূহ | ৰঙা, বেঙুণীয়া, পাতল বগা |
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ ডিচেম্বৰ, সোমবাৰ, ২০২১)
মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

আপোনাৰ প্ৰতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই প্ৰদৰ্শন কৰা নিঃচৰ্ত প্ৰেমে আপোনাক মুগ্ধ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰিব। দুয়োজনে দুয়োকে লৈ ব্যস্ত থাকিব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি নতুন সংয়োগ স্থাপন কৰিব আৰু তাৰ দ্বাৰা প্ৰচুৰভাবে উপকৃত হব। আপুনি সুখী হব। ।
বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমিক বা প্ৰেমিকা পোৱা প্ৰেমক লৈ আপুনি সুখী হব। আজিৰ দিনটোৰ ঘটনাৱলীয়ে আপোনাক অধিক সুখী কৰিব। আপুনি অনুষ্ঠান, কৰ্মসূচী আৰু আলোচনা চক্ৰত ব্যস্ত থাকিব। আপুনি নতুন যোগাযোগ স্থাপন কৰিব। কৰ্মস্থলীত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ সহকৰ্মীৰ লগত অতি ভাল বাৰ্তা-সংযোগ বৰ্তাই ৰাখিব।
মিথুন : (২২ মে'- ২১ জুন)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বান্ধোন শক্তিশালী কৰিবলৈ যাওঁতে কথা-বতৰাবোৰ সহজে নলব। কিন্তু চুক্তিত স্বাক্ষৰৰ পূৰ্বে আপুনি ভালদৰে নথিপত্ৰবোৰ পঢ়াৰ প্ৰয়োজন। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব।
৷
কৰ্কট : (২২ জুন- ২২ জুলাই)

পুৰণি কোনো ঘটনা বা কথাই আপোনাৰ প্ৰেমৰ সম্পৰ্কত বিশ্বাসকলৈ সন্দেহৰ অৱতাৰণা কৰিব পাৰে। ইয়ে আপোনাক অশান্তি দিব পাৰে। অৱশ্যে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপৰ জৰিয়তে সফলতা অৰ্জন কৰিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়। আপুনি অধিক খোলা মনৰ হব।
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আজি আপোনাৰ ক্ষেত্ৰত প্ৰেম প্ৰধান হৈ উঠিব আৰু সেয়ে আপুনি আজি কামৰ পৰা অব্যাহতি লব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সকলোখিনি সুন্দৰভাবে চম্ভালি লব। আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব আৰু আপুনি উপকৃত হব পৰা কামৰ প্ৰতি গুৰুত্ব দিব।
কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অনুপস্থিতি অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব।
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আজি আপোনাৰ বাবে প্ৰেম বতাহত ভাঁহি থকা যেন অনুভৱ কৰিব। আপুনি কোনো পুৰণি বন্ধুক লগ পাব আৰু তেওঁৰ প্ৰতি আপোনাৰ অন্তৰত ৰোমাণ্টিক অনুভূতি জাগ্ৰত হব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব।
বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰিবলৈ কিছুমান কাম কৰিব। আৰু এইক্ষেত্ৰত আপুনি সফল হব। ইয়ে আপোনাক জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংশীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব।
ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লগ পাবলৈ বিচাৰিব। কিন্তু আপুনি তেওঁক অধিক আবেগিক হোৱাটো বিচাৰটো উচিত নহব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব।
মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে আনন্দকৰ দিন হব আৰু আপোনাৰ স্পৃহা-উদ্যম তুংগত থাকিব। আপুনি আপোনাৰ প্ৰিয়জনক কেতবোৰ ক্ষেত্ৰত দমন কৰি ৰাখিবলৈ বিচাৰিব পাৰে। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰো যতন লব।
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপুনি তেওঁৰ কাষত থকাটো বিচাৰিব পাৰে। আপুনি সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ ব্যৱসায়তো সফলতা অৰ্জন কৰিব। আপুনি নিজৰ মাজতে ইতিবাচক পৰিৱৰ্তন দেখিব। গভীৰ চিন্তাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহে আপোনাক ধন অৰ্জন কৰাত সহায় কৰিব।
মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আজি আপুনি আপোনাৰ কাম ব্যক্তিগত জীৱনৰ মাজত এটা ইতিবাচক ভাৰসাম্য ধৰি ৰাখিবলৈ বিচাৰিব। পাব। আপুনি এটা নতুন কাম বা ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আপুনি শ্বেয়াৰ, সোণ আদিতো বিনিয়োগ কৰিব পাৰে।
আৰু পঢ়িব পাৰে : যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে